চিৰাঙৰ কাজলগাঁও স্থিত কৃষি বিজ্ঞান কেন্দ্ৰ কৃষক দিৱস পালন...

চিৰাঙৰ কাজলগাঁও স্থিত কৃষি বিজ্ঞান কেন্দ্ৰ কৃষক দিৱস পালন...

ডিজিটেল সংবাদ, চিৰাং : শুকুৰবাৰে চিৰাং জিলা সদৰ কাজলগাঁও স্থিত কৃষি বিজ্ঞান কেন্দ্ৰত পঞ্চাশ গৰাকী কৃষকৰ উপস্থিতিত কৃষক দিৱস উদযাপন কৰা হয় । কৃষক দিৱসৰ লগত সঙ্গতি ৰাখি প্ৰাকৃতিক কৃষিৰ ওপৰত এখন সজাগতা সভাৰ আয়োজন কৰা হয় ।

অনুষ্ঠানৰ আদঁৰনি ভাষণত কেন্দ্ৰটিৰ মূৰব্বী বিষয়া ড° চন্দন কুমাৰ ডেকাই প্ৰাকৃতিক কৃষি তথা কৃষক দিৱসৰ তাৎপৰ্য বিশদভাৱে আলোকপাত কৰে । আজিৰ এই কাৰ্য্যসূচীত নিজৰ কৃষিভূমিত উৎপাদনৰ ধাৰা অপৰিবৰ্তিত ৰাখি কেনেকৈ ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰে স্বাস্থৰ প্ৰতি অনা ভাবুকি অলপ হলেও কমাব পাৰি সেয়াই প্ৰাকৃতিক কৃষিৰ মূল উদ্দেশ্য বুলি তেখেতে উল্লেখ কৰে ।

মুখ্য অতিথিৰ ভাষণত চিৰাঙৰ অতিৰিক্ত উপায়ুক্ত শ্ৰী অজিত শৰ্মাই বৰ্ধিত জনসংখ্যাক খাদ্য যোগানৰ উদ্দেশ্যে অহা সেউজ বিপ্লৱে জনস্বাস্থ্যৰ প্ৰতি অনা ভাবুকিৰ ওপৰত ভাষণ ৰাখি প্ৰাকৃতিক কৃষিৰ গ্ৰহণযোগ্যতাৰ কথা উল্লেখ কৰে । সভাত মীন, ৰেছম আৰ চে টি বিভাগৰ বিষয়ববীয়া উপস্থিতি থাকি নিজৰ উল্লেখনীয় ভাষণ ৰাখে । সদৌ শেষত কেইজনমান কৃতি কৃষকক সম্বৰ্দ্ধনা জনাই অনুষ্ঠানৰ সামৰণি মৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in