পথাৰত চিৰাল ফাঁট, শুকাইছে নদীৰ পানী! চিন্তিত খেতিয়ক

পথাৰত চিৰাল ফাঁট, শুকাইছে নদীৰ পানী! চিন্তিত খেতিয়ক

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ গৰুবাট আৰু জৰাবাৰী মৌজাৰ হাজাৰ হাজাৰ কৃষকে লুটুমাৰী নামৰ এখন সৰু নদীৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিবছৰে হাজাৰ হাজাৰ বিঘা কৃষিভূমিত কৃষি কাৰ্য কৰি আহিছে।কিন্তু চলিত বৰ্ষত নদীখন একেবাৰে শুকাই গৈছে।যাৰ বাবে বহু হাজাৰ বিঘা কৃষি ভূমিত চিৰাৰ ফাঁট মেলিবলৈ আৰম্ভ কৰিছে।

সেয়ে কৃষকে মুৰে কঁপালে হাত দিছে।ৰাইজৰ অভিযোগ অতিমাত্ৰা হাৰত বৰপানী নৈত মেচিনৰে বালিৰ খনন চলি থকাৰ বাবে বৰপানী নৈ বক্ষ দ হৈ যোৱাত লুটুমাৰী নৈৰ পানীভাগ শুকাই যাব ধৰিছে।যাৰ বাবে এইবাৰ ৰাইজে বৰপানী নৈক ভেটা দি লুটমাৰী নৈ বোঁৱাই কৃষিভূমিলৈ পানী নিয়াৰ ব্যৱস্থা কৰিছে।

ৰাইজে নখ জোকাৰিলে নৈ বয়"-এই আপত বাক্যষাৰীক সাৰোগত কৰি কামপুৰ ৰাজহ চক্ৰৰ গৰুবাট আৰু জৰাবাৰী মৌজাৰ হাজাৰ হাজাৰ কৃষক ৷ লগ হৈছে কামপুৰ আৰু কচুৱাৰ মধাস্থল আৰু বৰপানী -লুটুমাৰীৰ সংগম স্থল দুইখুটিত।কাৰন এটাই ৷ বৰপানী নৈ খন ভেটি কৃষি ভূমিলৈ নিব পানী ।

ৰাইজৰ অভিযোগ ।বৰপানী নৈত প্ৰতিবছৰে শ শ মেচিন বহুৱাই দুস্কৃতিকাৰী সকলে বালিৰ খনন চলাই অহাত বৰপানী নদীৰ বক্ষ দ হৈ পৰিল আৰু যাৰ কাৰনে লুটুমাৰী নৈৰ পানী বৰপানীলৈ নামি অহাত ইয়াৰ বক্ষ শুকাই চিৰাল ফাট মেলিছে।ৰাইজে লুটুমাৰী নৈ খনত খনন চলাই ইয়াৰ বক্ষ দ কৰাৰ বাবে কতৃপক্ষক দাবী জনাইছে।

পথাৰত চিৰাল ফাঁট, শুকাইছে নদীৰ পানী! চিন্তিত খেতিয়ক
অন্ত পৰিল ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in