অন্ত পৰিল ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা...

অন্ত পৰিল ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ দিনটোতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শনিবাৰে মুম্বাইত ভাৰত জোড়ো ন্যায় যাত্ৰা সমাপ্ত কৰে। হাজাৰ হাজাৰ লোকে মুম্বাইত ৰাহুল গান্ধীক আদৰণি জনায়৷

পথৰ দুয়োকাষে মানুহৰ দীঘলীয়া শাৰী দেখা যায়৷ শেষ দিনটোত ৰাহুল গান্ধীয়েও মুম্বাইৰ ধাৰাৱী বস্তিলৈ গৈ ৰাইজক সম্বোধন কৰে। তাৰ লগে লগে দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ সৈতে মুম্বাইৰ ড০ বাবাচাহেব আম্বেদকাৰ স্মাৰক পৰিদৰ্শন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ধাৰাৱীৰ দক্ষতাক সমৰ্থন কৰা উচিত, ধাৰাৱীৰ বাবে বেংকৰ দুৱাৰ মুকলি কৰিব লাগে, কিয়নো আপোনালোকৰ দৰে মানুহে দেশখন তৈয়াৰ কৰিছে বুলি কয় ৰাহুল গান্ধীয়ে৷ ৰাহুল গান্ধীয়ে আৰু কয় যে আজি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সমাপ্তি৷ কিন্তু এয়াই শেষ নহয়, ন্যায়ৰ বাবে যুঁজৰ আৰম্ভণিহে!

যাত্ৰাৰ সময়ত, মই প্ৰতিটো শ্ৰেণীৰ প্ৰতি কৰা ভয়ংকৰ অন্যায় আৰু অত্যাচাৰৰ বিষয়ে জানিব পাৰিছো আৰু বুজি পাৰিছো৷ যাত্ৰাৰ সমাপ্তিত প্ৰিয়ংকা গান্ধীয়ে কয় যে আজি ৰাহুল গান্ধীৰ ৬৭০০ কিলোমিটাৰ ন্যায় যাত্ৰা সমাপ্ত কৰিছে। দেশবাসীক দেশৰ সত্যটো দেখুৱাবলৈ আৰু ক'বলৈ এই যাত্ৰা আৰম্ভ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in