/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/43185850-889a-4aa3-9eb5-80e6755b1a0a/school_st.jpg)
বিদায় সম্বৰ্দ্ধনা
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিলৰ চেন্ট থমাছ ইংলিছ স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী চুজাতা কুজুৰক শনিবাৰে বিদ্যালয় কতৃপক্ষই ফুলাম গামোচা আৰু শৰাইৰে বিদায় সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷
দীৰ্ঘদিন ধৰি ধলাইবিলৰ বিদ্যালয়খনত সততা আৰু নিষ্ঠাৰে ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি সেৱা আগবঢ়াই অহা প্ৰধান শিক্ষয়িত্ৰী চুজাতা কুজুৰৰ বিদায় ক্ষণত সহযোগী শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলক আবেগিক হৈ পৰা পৰিলক্ষিত হয় ৷
সকলোৱে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ সু-স্বাস্থ্যও দীৰ্ঘায়ু কামনাৰে প্ৰাৰ্থনা জনায় ৷ বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানটিত ফাদাৰ চুচিল জন চুৰেণ আৰু সহকাৰী ফাদাৰ মাইকেল মুচাহাৰীয়ে অংশগ্ৰহণ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d5649386-17db-4d5d-a9f6-5013c8a2c435/3bd4b01e_25e1_4162_91a7_b5f53e8f440c.jpg)
Also Read: চ্যুকাফা-চকিয়াল যুৱ সমাজৰ উদ্যোগত দুদিনীয়াকৈ বিহু সন্মিলন আৰম্ভ...