/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/28f2b04e-4e47-4cdf-aab0-c91327f50d91/saraideo.jpg)
বিহু সন্মিলন আৰম্ভ
ডিজিটেল সংবাদ, চৰাইদেউঃ শনিবাৰৰ পৰা চ্যুকাফা-চকিয়াল যুৱ সমাজৰ উদ্যোগত আৰম্ভ হৈছে ৰঙালী বিহু সন্মিলন ৷ দুদিনীয়াকৈ আৰম্ভ হৈছে এই বিহু সন্মিলনৰ ।
ঐতিহাসিক 'শ'-ধোৱা পুখুৰীৰ প্রাঙ্গণত অনুষ্ঠিত হৈছে এই ৰঙালী বিহু সন্মিলন ।
আজি পুৱা উদযাপন সমিতিৰ সভাপতি তথা ১০৬নং সোণাৰি বিধানসভা সমষ্টিৰ সভাপতি ধৰ্মেশ্বৰ কোঁৱৰে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে । ইয়াৰ পাছত স্মৃতি তৰ্পণ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়িত হয় ।
দুপৰীয়া কণীযুঁজ প্রতিযোগিতা, বিভিন্ন খেল-ধেমালি আৰু কলগছ ভূঁ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ এই প্ৰতিযোগিতা উপভোগ কৰিবলৈ যথেষ্ট সংখ্যক ৰাইজ সমবেত হয় ৷ দেওবাৰে সমাপ্তি হ’বলগীয়া এই বিহু সন্মিলনখনত সকলোৱে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/99730983-2708-4dfa-ba69-b3b6c4890093/ceb7d272_5ecb_4186_b511_6f5959ed2025.jpg)