ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদায় সম্বৰ্ধনা সভা

ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদায় সম্বৰ্ধনা সভা

author-image
asomiyapratidin
New Update
ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদায় সম্বৰ্ধনা সভা

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ খাগৰিজান শিক্ষা খণ্ডৰ অন্তৰ্গত ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবিন চন্দ্ৰ কলিতাৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানটি শুকুৰবাৰে বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়।

১৯৯৮ চনৰ ২২ অক্টোবৰ যোগদান কৰি নিষ্ঠাৰে সেৱা আগবঢ়াই যোৱা ৩১ মেত কৰ্তব্যৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক প্ৰবিন চন্দ্ৰ কলিতাৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানটিত সভাপতিত্ব কৰে বিদ্যালয়খনৰ অধ্যক্ষা ৰহিমা আহমেদ খাতুনে।

সভাত শিক্ষক ক্ৰমে পিংকু বৰা, মুক্তি দাস, বিভামনি শইকীয়া, জয়ন্ত পাৰ্থ বৰা, ইৰানী ভূঞাৰ লগতে বিদ্যালয়ৰৰ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে ২৪ বছৰ কাল নিষ্ঠাৰ সেৱা আগবঢ়াই আনুষ্ঠানিক ভাৱে বিদায় লোৱা নিষ্ঠাবান জনপ্ৰিয় শিক্ষক গৰাকীৰ কৰ্মৰাজিৰ শলাগ লোৱাৰ লগতে সুস্বাস্থ্য কামনা কৰে।

অনুষ্ঠানটিতে বিদায়ী শিক্ষক গৰাকীক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ, গামোচা, জাপি, শৰাই, কীৰ্তন পুথিৰে সম্বৰ্ধনা জনোৱা হয়। গাম্ভীৰ্য্যপূৰ্ন অনুষ্ঠানটিত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, সাংবাদিক দিব্যজ্যোতি বৰুৱা, ইজাজুল হককে আদি কৰি চাৰি শতাধিক লোক উপস্থিত আছিল।

আৰু পঢ়ক: ৰাজ্যৰ যুৱতী-মহিলাক বহিঃৰাজ্যলৈ সৰবৰাহ ! ডবকাৰ মাষ্টাৰমাইণ্ড আৰক্ষীৰ জালত…

batadrava nagaon assam