/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3c4fa1c9-2de7-4ce7-a647-42a323a85635/car_accident.jpg)
ডিজিটেল ডেস্ক : জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত । নলবাৰীৰ পৰা এক সংগীতানুষ্ঠানৰ অন্তত শিৱসাগৰ অভিমুখী বাহনখন দুৰ্ঘটনাত পতিত হয় । চামগুৰিত সংঘটিত এই দুৰ্ঘটনাত মুখামুখি সংঘৰ্ষ হয় কন্ঠশিল্পী গৰাকীৰ বাহন আৰু এখন যাত্ৰীবাহী টেম্পো বাহনৰ ।
পুৱতি নিশা সংঘটিত এই দুৰ্ঘটনাত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় কন্ঠশিল্পী গৰাকী আৰু তেখেতৰ চালকগৰাকী । আনহাতে টেম্পো চালকগৰাকীও আঘাতপ্ৰাপ্ত হয় এই দুৰ্ঘটনাত । দুৰ্ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ বুজ লয় ।
Also Read: বিৰোধীবিহীন ভাৰতৰ দিশে বিজেপি, সমগ্ৰ দেশতেই অভিযান এক সময়তেই