আলাফা(স্বাঃ)ৰ নামত ধন দাবী

ইতিমধ্যে শুকুৰবাৰে নিশা ৰূপহীহাট আৰক্ষীয়ে আটক কৰে ফকৰ উদ্দিনক। উদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত হুছেইন আলী নামৰ আন এজনক আটক ৰূপহীহাট আৰক্ষীৰ। ঘটনাৰ সন্দৰ্ভত এইপ্যন্ত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
আলাফা(স্বাঃ)ৰ নামত ধন দাবী

ডিজিটেল ডেস্কঃ আলফা(স্বাঃ)ৰ নামত ধনদাবী কৰি আৰক্ষীৰ জালত পৰিছে ফকৰ উদ্দিন। চুপাৰি ব্যৱসায়ী আব্দুল হাছিমক নামৰ এজনক ৫০ লাখ টকা দাবী কৰিছিল অভিযুক্ত ফকৰ উদ্দিনে। ধন নিদিলে আব্দুল হাছিমৰ দুই পুত্ৰক গুলীয়াই হত্যাৰ ভাবুকি দিছিল ফকৰ উদ্দিনে।

Advertisment

ইতিমধ্যে শুকুৰবাৰে নিশা ৰূপহীহাট আৰক্ষীয়ে আটক কৰে ফকৰ উদ্দিনক। উদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত হুছেইন আলী নামৰ আন এজনক আটক ৰূপহীহাট আৰক্ষীৰ। ঘটনাৰ সন্দৰ্ভত এইপ্যন্ত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: কাজিৰঙাত পুনৰ খৰ্গ উদ্ধাৰ

RUPOHIHAAT fake ulfa