পৰীক্ষা বাতিল কৰাৰ পাছতো বিপদে লগ এৰা নাই ছেবাক, নিয়ন্ত্ৰকৰ নামত ভুৱা জাননী ভাইৰেল

author-image
Asomiya Pratidin
New Update
পৰীক্ষা বাতিল কৰাৰ পাছতো বিপদে লগ এৰা নাই ছেবাক, নিয়ন্ত্ৰকৰ নামত ভুৱা জাননী ভাইৰেল

ডিজিটেল ডেস্ক : ১৩ ম‍াৰ্চ, সোমবাৰে অনুষ্ঠিত হ'ব লগীয়া মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছত মাজনিশা ছেবাই প্ৰকাশ কৰিছিল এখন জাননী । যি জাননীৰ যোগে জনোৱা হৈছিল সোমবাৰে অনুষ্ঠিত হ'ব লগীয়া পৰীক্ষাৰ নামত মিছাকৈ হাতেলিখা এক প্ৰশ্ন কাকত সামাজিক মাধ্যমত ভাইৰেল হৈছে যদিও শিক্ষাৰ্থী সকল যাতে কোনো ধৰণৰ দোমোজাত নপৰে তাৰ বাবে পৰীক্ষা বাতিল কৰা হৈছে । আগন্তুক সময়ত এই পৰীক্ষা অনুষ্ঠিত কৰা হ'ব যদিও জাননীখনত নাছিল কোনো ধৰণৰ তাৰিখ অথবা সময়ৰ উল্লেখ ।

এই খিনিতেই সুবিধা ল'লে কোনো দুষ্টচক্ৰই । ছেবাৰ নিয়ন্ত্ৰকৰ নামত আকৌ ভাইৰেল হৈ পৰিল আন এখন জাননী । ১৩ মাৰ্চতেই দিনৰ ১.৩০ বজাৰ পৰা বিজ্ঞানৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ'ব বুলি প্ৰকাশ কৰা বাতৰিয়ে হুৱাদুৱা লগালে সকলোৰে মাজত । ইতিমধ্যে পৰীক্ষা বাতিল কৰা বুলি কৰা ঘোষণাই মানসিকভাৱে বিচলিত কৰিছিল শিক্ষাৰ্থীসকলক । এতিয়া মাত্ৰ দুটামান ঘন্টাৰ ভিতৰতেই নতুনকৈ প্ৰশ্নকাকত প্ৰস্তুত কৰি, ৰাজ্যৰ সকলো প্ৰান্তলৈ প্ৰেৰণ কৰি নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাটো সম্পূৰ্ণৰূপে অসম্ভৱ কথা । কোনোপধ্যেই নিয়াৰিকৈ আয়োজন কৰিব পৰা নাযায় এনেদৰে পৰীক্ষাৰ । তেনেস্থলত শিক্ষাৰ্থীৰ জীৱনকৈ লৈ হেতালি খেলিছে কোনে ? কাৰ বাবে বাৰম্বাৰ সংঘটিত হৈছে এনে কথা ?

Also Read: এইবাৰ বাতিল হ'ল বিজ্ঞানৰ পৰীক্ষা, মাজনিশা ঘোষণা ছেবাৰ

education department of assam seba