ডিজিটেল ডেস্ক : ৰাজ্যত ট্ৰেডিঙৰ নামত এচাম লোকে ভয়াৱহ লুণ্ঠনৰাজ চলাইছে। নিতৌ পোহৰলৈ আহি আছে ন ন তথ্য। অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত শেহতীয়াকৈ আহি পৰিছে আন এক বিস্ফোৰক অভিযোগ। কেৱল বিনিয়োগৰ নামত ধন লুণ্ঠনেই নহয়, এচামে ট্ৰেডিঙৰ শিক্ষা প্ৰদানৰ নামতো চলাইছে ভয়াৱহ লুণ্ঠন।
আনকি এই চক্ৰটোৱে মিছাকৈয়ে ছেবিৰ লাইচেন্সপ্ৰাপ্ত বুলি প্ৰচাৰ চলাই ট্ৰেডিঙৰ শিক্ষা আৰু অনলাইন বিনিয়োগৰ শিক্ষা প্ৰদানৰ নামত আভুৱা ভৰাইছে হাজাৰজনক। অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰা তথ্য অনুসৰি ‘মানি মেনেজ একাডেমী’ নামৰ এক প্ৰতিষ্ঠান খুলি ২০২০ চনৰ পৰা ট্ৰেডিঙৰ পাঠ্যক্ৰম প্ৰদান কৰি আহিছে এজন যুৱকে।
যুৱকজন অসম চৰকাৰৰ অধীনস্থ এক প্ৰতিষ্ঠানৰ উচ্চ পদত কৰ্মৰত। ২০২০ চনতে তেঁও যোৰহাটত আৰম্ভ কৰা এই পাঠ্যক্ৰম পৰৱৰ্তী সময়ত শিৱসাগৰ, তিনিচুকীয়া আদিলৈও সম্প্ৰাসাৰণ কৰিছিল। গুৱাহাটীতো ইয়াৰ শাখা খুলিবলৈ প্ৰস্তুতি চলাওতে ট্ৰেডিং কেলেংকাৰীৰ তথ্য ফাদিল হোৱাত সেয়া সাময়িকভাৱে বন্ধ কৰি থৈছে।
উল্লেখযোগ্য যে আহমেদ আবিদ আব্বাছ নামৰ যুৱকজনৰ নেতৃত্বতে ট্ৰেডিং পাঠ্যক্ৰমৰ এই ভুৱা প্ৰতিষ্ঠান খোলা হৈছিল। লক্ষ্যণীয় যে তেঁও লাভ কৰা এন আই এছ এম চিৰিজ V- এ প্ৰমাণপত্ৰকে আধাৰ কৰি লৈ এই পাঠ্যক্ৰম আৰম্ভ কৰিছিল।
নেচনেল ইষ্টিটিউট অৱ ছিকিউৰিটিজ মাৰ্কেটছৰ এই প্ৰমাণপত্ৰ মিছ্যুৱেল ফাণ্ড ডিষ্ট্ৰিউবিশ্যন ক্ষেত্ৰতহে প্ৰযোজ্য। ৬ মাৰ্চ ২০২২ত পৰীক্ষা দি সেই প্ৰমাণপত্ৰ লাভ কৰি যুৱকজনে ক্লাছৰুমত কেইবাসহস্ৰাধিক ছাত্ৰ- ছাত্ৰীক অকৰ্তৃত্বশীলভাৱে এই পাঠ্যক্ৰম দিয়াৰ অভিযোগ উত্থাপন হৈছে।
আনকি তেঁও সামাজিক মাধ্যমত পাঠ্যক্ৰমত নামভৰ্তি কৰিবৰ বাবে দিয়া বিজ্ঞাপনো মন কৰিব লগা। এই বিজ্ঞাপনত তেঁও লিখিছে- ‘আপুনি যদি ভালদৰে ষ্টক ট্ৰেডিং শিকি চাইড ইনকম কৰিব বিচাৰে তেনে আমাৰ সৈতে যোগাযোগ কৰক।‘
যুৱকজনে ইয়াক বিশ্বাসযোগ্য কৰি দিবলৈ উদ্যম ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট প্ৰদৰ্শন কৰে। যাৰ সৈতে ট্ৰেডিং শিক্ষাৰ বাবে অনুজ্ঞাপত্ৰৰ কোনো সম্পৰ্ক নাই। অসমীয়া প্ৰতিদিন ডিজিটেলে এই সন্দৰ্ভত ছেবিৰ স্বীকৃতিপ্ৰাপ্ত অভিজ্ঞ বুকাৰৰ সৈতে যোগাযোগ কৰাত তেঁও জানিবলৈ দিয়ে যে এন আই এছ এমৰ চিৰিজ V- এৰ চাৰ্টিফিকেট লৈ কোনোৱে এনেধৰণৰ পাঠ্যক্ৰম প্ৰদান কৰিব নোৱাৰে।
এই সন্দৰ্ভত যুৱকজনক যোগাযোগ কৰাত তেঁও ছেবিৰ অনুজ্ঞাপত্ৰ লৈহে এয়া কৰা বুলি সদৰী কৰে। কিন্তু বাস্তৱত তেঁওৰ তেনে কোনো প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰিলে।
এডভান্স ষ্টক মাৰ্কেট ক’ৰ্চ এই যুৱকজনে তেঁওৰ এই প্ৰতিষ্ঠানটোৰ জৰিয়তে ১৪,৯৯৯ টকাত আৰু অনলাইন ষ্টক মাৰ্কেট ট্ৰেইনিং ৪,৭৯৯ টকাত প্ৰদান কৰি আহিছে। ইতিমধ্যে এনে পাঠ্যক্ৰম প্ৰদান কৰা ভুৱা বহু প্ৰতিষ্ঠানত আৰক্ষীৰ অভিযান চলিছে।
এই প্ৰতিষ্ঠানটোৰ সন্দৰ্ভতো তদন্ত কৰিলে বহু ভয়াৱহ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। কিয়নো ৰাজ্যত এতিয়া কাঠফুলাৰ দৰে এনে প্ৰতিষ্ঠান গঢ়লৈ উঠিছে।