আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন
Published on
Updated on

ডিজিটেল ডেস্ক : উখল-মাখল গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ। অনুষ্ঠিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচনত ১৫ টা পদৰ বাবে ৩৫গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পুৱাৰ পৰা যথেষ্ট সংখ্যক ছাত্ৰ- ছাত্ৰীয়ে পছন্দৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰিবলৈ ভোটদান কৰা পৰিলক্ষিত হয়।

এইবাৰ মূলতঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত আছু, এবিভিপি আৰু এন এছ ইউ আইৰ সমৰ্থিত প্ৰাৰ্থীৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা হ’ব। শুকুৰবাৰ অৰ্থাৎ ২৭ ছেপ্তেম্বৰ ২০২৪ত ঘোষণা হ’ব এই নিৰ্বাচনৰ ফলাফল।

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন
ফেচবুকত বিতৰ্কিত মন্তব্য কৰি অপসাৰিত হ’ল অসমৰ আৰ এছ এছৰ নেতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in