নকল সোণসহ এজনক আটক আৰক্ষীৰ...

নকল সোণসহ এজনক আটক আৰক্ষীৰ...

author-image
Asomiya Pratidin
New Update
নকল সোণসহ এজনক আটক আৰক্ষীৰ...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ নকল সোণৰ ব্যৱসায়ীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে জামুগুৰিহাটত আৰক্ষীয়ে আটক কৰিছে নকল সোণসহ এজন লোকক। আটক কৰা ব্যক্তিজনৰ নাম ৰফিকুল ইছলাম।

Advertisment

ব্যক্তিজনৰ ঘৰ লক্ষীমপুৰ জিলাৰ নাওবৈচাত বুলি জানিব পৰা গৈছে। বালিপৰাত নকল সোণৰ নাও বিক্ৰী কৰি উভতাৰ পথত জামুগুৰিহাটৰ চকীঘাট দলঙৰ সমীপত জামুগুৰি আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি আটক কৰিবলৈ সক্ষম হয় নকল সোণৰ ব্যৱসায়ীজনক।ধৃত লোকজনৰ পৰা আৰক্ষীয়ে যীশুৰ মৃৰ্তি খোদিত এটুকুৰা নকল সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ব্যৱসায়ীজনে চলাই অহা AS-07-T-4494 নম্বৰৰ মাৰুতী এল্টো গাড়ীখনো জব্দ কৰে আৰক্ষীয়ে। সম্প্ৰতি জামুগুৰি আৰক্ষীয়ে আটক কৰা নকল সোণৰ ব্যৱসায়ী ৰফিকুল ইছলামৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৷

Also Read: ভাৰতৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হ'ব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি

Assam police