ভাৰতৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হ'ব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি

২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী উপস্থিত থাকিব বুলি সূত্ৰই প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হ'ব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি

ডিজিটেল ডেস্কঃ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আহিব ভাৰতলৈ। আগন্তুক বৰ্ষৰ ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী উপস্থিত থাকিব বুলি সূত্ৰই প্ৰকাশ কৰিছে।

Advertisment

জানুৱাৰীত কোৱাড নেতাসকলৰ সন্মিলনৰ আয়োজনৰ অংশ হিচাপে গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে ৰাষ্ট্ৰপতি জ' বিডেনক আমন্ত্ৰণ জনাইছিল। অৱশ্যে তেওঁ কোনো সমস্যাৰ বাবে উপস্থিত থাকিব নোৱাৰে।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীৰ ফ্ৰান্স ভ্ৰমণৰ সময়ত জুলাই মাহত বাষ্টিল দিৱসত দুয়োগৰাকী নেতাৰ সাক্ষাৎ হৈছিল। প্ৰধানমন্ত্ৰী মোডীয়ে সন্মানীয় অতিথি হিচাপে বাষ্টিল দিৱস উদযাপনত অংশগ্ৰহণ কৰিছিল।

মোডীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণ মৰ্মে ফ্ৰান্স ভ্ৰমণ কৰিছিল। প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত কৌশলগত অংশীদাৰিত্বৰ ২৫ তম বাৰ্ষিকী উদযাপন কৰিবলৈ ফ্ৰান্স ভ্ৰমণ কৰিছিল।

Also Read: 'অসমীয়া মানুহে কিতাপ নপঢ়ে' শীৰ্ষক মুকলি আলোচনা

emmanuel macron narendra modi