বিহালীত আদিবাসী ছাত্ৰ সন্থাৰ নেতা কৰ্মীৰ বিৰুদ্ধে ইটাভাটা সন্থাৰ ভুৱা গোচৰ...

বিহালীত আদিবাসী ছাত্ৰ সন্থাৰ নেতা কৰ্মীৰ বিৰুদ্ধে ইটাভাটা সন্থাৰ ভুৱা গোচৰ...

author-image
Asomiya Pratidin
New Update
বিহালীত আদিবাসী ছাত্ৰ সন্থাৰ নেতা কৰ্মীৰ বিৰুদ্ধে ইটাভাটা সন্থাৰ ভুৱা গোচৰ...

বিহালীত আদিবাসী ছাত্ৰ সন্থাৰ নেতা কৰ্মীৰ বিৰুদ্ধে ইটাভাটা সন্থাৰ ভুৱা গোচৰ...

ডিজিটেল সংবাদ বিহালীঃ সম্প্ৰতি বিশ্বনাথ জিলাৰ বিহালী ইটাভাটা সন্থা নামৰ পুঁজিপতি গোষ্ঠীৰ সংগঠনটোৱে,বিহালীৰ ছাত্ৰ সংগঠন আদিবাসী ছাত্ৰ সন্থাৰ নেতা কৰ্মীৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে। আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক অজিৎ কুৰ্মী আৰু আদিবাসী ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক সমিতিৰ সম্পাদক যোচেফ তীৰ্কিয়ে সদৰী কৰা অভিযোগ অনুসৰি, বিহালী ইটাভাটা সন্থা নামৰ পুঁজিপতি সংগঠনটোৱে যোৱা ১০ ডিচেম্বৰ তাৰিখে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকক লিখিতভাৱে ছাত্ৰ সংগঠনৰ নেতাই 'টাটা" নামৰ ইটাভাটাত কেচাঁ ইটা ভঙা আৰু শ্ৰমিকক দাবী-হুমকি দিয়া বুলি এক অভিযোগ দাখিল কৰে৷

ইটাভাটা সন্থাৰ লিখিত অভিযোগৰ ভিত্তিত বৰগাং আৰক্ষী চকীৰ আৰক্ষী বিষয়াই ছাত্ৰ সংগঠন নেতা তিনিগৰাকীক আৰক্ষী চকীলৈ মাতি ঘন্টাৰ পিছত ঘন্টা বহুৱাই ৰাখি নিশা ৮ বজাত নিজাববীয়া জামিনত মুক্তি দিয়ে ৷ আদিবাসী ছাত্ৰ সন্থাই সংবাদ মাধ্যমক জনায় যে,বিহালীৰ ইটাভাটা সন্থাই বিশ্বনাথ আৰক্ষী অধীক্ষকক, ভুৱা ঘটনাৰ মনে সজা লিখিত অভিযোগ দাখিল কৰিছিল।

এই ভুৱা অভিযোগৰ ভিত্তিত ছাত্ৰ সংগঠনৰ নেতাক আৰক্ষী থানালৈ মাতি বহুৱাই থোৱা কাৰ্যক আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতি আৰু বিহালী আঞ্চলিক সমিতিৰ লগতে বিহালীৰ একাংশ সমাজ সচেতন মহলে তীব্ৰভাষাৰে গৰিহণা দিছে ৷ ইপিনে আজি বিহালী ইটাভাটা সন্থাই দাখিল কৰা গোচৰত ছাত্ৰনেতাই জামিনত মুক্তি হ'বলগীয়া ঘটনাৰ সন্দৰ্ভত সংগঠনটোৱে জনাই যে, বিশ্বনাথ জিলাৰ বিহালীৰ ৪৮ টা ইটাভাটা আছে ৷ ইয়াৰে প্ৰায় সংখ্যক ইটাভাটাই ব্যাপক অৰাজকতা সৃষ্টি কৰিছে ৷

তাৰপিছতো বিশ্বনাথ জিলা প্ৰশাসনে ইটাভাটাৰ মালিকে সংঘটিত কৰা নীতি বৰ্হিভূত কামক নাকী লগাব পৰা নাই৷ এক কথাত বিহালীৰ ইটাভাটাৰ মালিক পক্ষৰ ওচৰত সেও মানি হাত উজান দিছে বিশ্বনাথ প্ৰশাসনে৷

বিহালী ইটাভাটা মালিকৰ সংগঠনটোৱে বিহালীৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি পৱন বাউৰী, সহকাৰী সম্পাদক দ্বীপজ্যোতি বাউৰী, আঞ্চলিক সদস্য কাৰ্তিক ঘাটোৱাৰ, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সদস্য অজয় তাঁতিৰ বিৰুদ্ধে ষড়যন্ত্ৰমুলকভাৱে ভুৱা গোচৰ জাপি আপোচবিহীন সংগ্ৰামী কন্ঠ ৰুদ্ধ কৰিবলৈ অভিসন্ধি ৰচনা কৰাৰ লগতে আৰক্ষী প্ৰশাসনকো বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছে ৷

লগতে ছাত্ৰ সংগঠনটোৱে কয় যে, বিহালীৰ সমাজ জীৱনৰ হ'কে অবিৰত সংগ্ৰাম অব্যাহত ৰখাৰ উপৰিও বিহালীৰ খেতি পথাৰ আৰু পাৰিপাৰ্শ্বিক পৰিৱেশ, জনস্বাস্থ্য ৰক্ষা, শ্ৰমিকৰ ন্যায়ৰ অধিকাৰ আৰু ইটাভাটাৰ মালিকৰ দুষ্কাৰ্যৰ বিৰুদ্ধে তথ্যসহকাৰে যুঁজ চলাই অহাত বিহালীৰ ইটাভাটা মালিক পক্ষৰ থৰকাচুতি হেৰাইছে ৷

"এন বি আই" ইটাভাটা মালিকে মালবাহী বাহনত শ্ৰমিকক পান জপাদি জাপি সৰবৰাহ কৰাৰ ফলত বাহনৰ দুৰ্ঘটনা সংঘটিত হয় ৷ আনহাতে "আই বি আই" ইটাভাটাৰ মালিকে নীতি বৰ্হিভূতভাৱে খনন চলাই সৃষ্টি কৰা গাঁতত পৰি লখিমপুৰ জিলাৰ এগৰাকী শ্ৰমিকৰ ৭ বছৰীয়া কনমানি শিশুৰ মৃত্যু হৈছিল ৷

যোৱা বছৰ "কে কে বি" ইটাভাটাৰ মালিকে খনন কৰি সৃষ্টি কৰা গাঁতত পৰি এজন লোকৰ মৃত্যু হ'ল ৷ কিন্তু সাধাৰণ লোকৰ অপমৃত্যুৰ পিছতো প্ৰশাসনে কোনো কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ৷

অন্যহাতে বিশ্বনাথ জিলা প্ৰশাসনক সংগঠনে স্মাৰকপত্ৰযোগে ইটাভাটা মালিক পক্ষৰ দুষ্কাৰ্যৰ অভিযোগ দাখিল কৰিলেও কোনো সুফল নধৰে৷ ফলত সাধাৰণ শ্ৰেণীৰ সমস্যাৰ পিছত সমস্যাত পৰিছে ৷

ইপিনে ,বিহালীত কাঠফুলাৰ দৰে গঢ়লৈ উঠিছে ইটোৰ পিছত সিটো ইটাভাটা ৷ ইটাভাটাসমূহৰ মালিক গোষ্ঠীৱে কেঁচা ইটা প্ৰস্তুতৰ নামত বিশাল পৰিমাণৰ কৃষিভূমিত অবৈধ খনন চলাই অহাৰ উপৰিও বিহালীৰ ৰঙাগড়া আৰু কেটেলা চাহ বাগিছা এলেকাৰ, চিলিং চৰকাৰী মাটি বেআইনীভাৱে খনন চলাই ভূমি বিনষ্ট কৰি আহিছে ৷

সমান্তৰালভাৱে ইটাভাটাত মাটি যোগান ধৰাৰ নামত বিহালীত ভূ-মাফিয়াৰো আবিৰ্ভাৱ ঘটিছে ৷ বিহালীত আবিৰ্ভাৱ হোৱা ভূ-মাফিয়াই চিলিং চৰকাৰী ভূমি খনন কৰি ইটাভাটাত যোগান ধৰি আহিছে ৷ তদুপৰি বিহালীৰ একাংশ ইটাভাটাৰ মালিক গোষ্ঠীয়ে খেতি পথাৰ নীতি বৰ্হিভূতভাৱে খনন কৰি বৃহৎ-বৃহৎ গাঁত সৃষ্টি কৰি এক ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে ৷

আনহাতে ব্যাপক হাৰত বায়ু প্ৰদূষণ, জল প্ৰদূষণ কৰাৰ লগতে ৰাজ্যৰ সৰ্বোত প্ৰকাৰে অৱেহেলিত আদিবাসী জনগোষ্ঠীৰ ভৱিষ্যৎ জীৱন অন্ধকাৰৰ দিশে নিছে ৷ শৈক্ষিকভাৱে পিছপৰা আদিবাসী জনগোষ্ঠীটোক একাংশ ইটাভাটাৰ মালিক পক্ষই বিভিন্ন ধৰণে প্ৰলোভন দি মাটি-বাৰীসমূহত পুখুৰী সদৃশ গাঁত খান্দি কৃষি ভৱিষ্যৎ ধ্বংস কৰিছে ৷

ইটাভাটাৰ মালিক পক্ষই নিজ ব্যৱসায়িক লাভালাভৰ বাবে মালবাহী বলেৰ' বাহনত বিপদজনকভাৱে শ্ৰমিক সৰবৰাহ কৰি শ্ৰমিকৰ জীৱন, মৃত্যুৰ খেল খেলিছে৷ ইতিমধ্যে ইটাভাটাই অবৈধভাৱে খনন কৰা পুখুৰী সদৃশ খালত পৰি কেইবাজনো প্ৰাপ্তবয়স্ক লোকৰ লগতে কনমানি শিশুৰো মৃত্যু হৈছে ৷

ইমানৰ পিছতো,বিশ্বনাথ জিলা প্ৰশাসনে ইটাভাটা মালিক গোষ্ঠীৰ বেআইনী কামক নাকী লগাবলৈ সক্ষম হোৱা নাই ৷ ফলত বিহালীত ইটাভাটাৰ মালিকৰ দৌৰাত্ম্য দিনক দিনে বৃদ্ধি পাইছে ৷ তেনে সময়তে বিহালী ইটাভাটা সন্থাই ইটাভাটা মালিকসকলে সংঘটিত কৰা নীতি বৰ্হিভূত কাম বন্ধ কৰিবলৈ প্ৰচেষ্টা হাতত লোৱাৰ বিপৰীতে দুষ্কাৰ্য গাঁপ দিবলৈ ছাত্ৰ সংগঠনৰ নেতাৰ ওপৰত ভুৱা মনে সজা গোচৰ জাপি বাক স্বাধীনতা , প্ৰতিবাদৰ স্বাধীনতাত হস্তক্ষে কৰাৰ গভীৰ চক্ৰান্ত ৰচনা কৰাত সংগঠনসমূহে বিশ্বনাথ জিলা আৰক্ষী প্ৰশাসনক বিপথে পৰিচলনা কৰিব বিচৰা বিহালী ইটাভাটা মালিক সন্থাৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

সংগঠনটোৱে দাবী কৰিছে যে, বিহালীৰ আদিবাসী লোকসকল নীৰক্ষৰ ,ভৱিষ্যত সম্পৰ্কে ,পাৰিপাৰ্শ্বিক পৰিৱেশ সম্পৰ্কে অজ্ঞ। সন্তানৰ ভৱিষ্যৎ জীৱনৰ বাবে খেতি মাটি কিমান অপৰিহাৰ্য সেই সম্পৰ্কেও সচেতন নহয়৷ তাৰ সুযোগলৈ এচাম অসাধু ইটাভাটা মালিকে সহজ সৰল আদিবাসীলোকক প্ৰলোভন দি মাটি-বাৰীত খনন চলাই কৃষি পথাৰ বিনষ্ট কৰি কৃষি সম্ভাৱনা নষ্ট কৰিছে ৷

গতিকে বিশ্বনাথ আৰক্ষী, প্ৰশাসনে বিহালীৰ আদিবাসী লোকৰ মাটি-বাৰী যাতে কোনো কাৰণত ইটাভাটাৰ মালিক পক্ষই বিভিন্ন প্ৰলোভনৰে খনন কৰিব নোৱাৰে তাৰ সুনিশ্চিত নিৰাপত্তা প্ৰদান কৰিবলৈ দাবী কৰিছে ৷ লগতে ৰঙাগড় চাহ বাগিছা এলেকাৰ জাহাজ ফিল্ড এলেকাৰ চিলিং চৰকাৰী মাটি তিনিজনমান ভূ-মাফিয়াই অবৈধভাৱে খনন কৰি ইটাভাটাত বিক্ৰি কৰিছে৷ চিলিং চৰকাৰী মাটি খনন কৰা ভূ-মাফিয়া কেইটাক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী কৰিছে৷

Also Read: লোকসভা কাণ্ডৰ মাষ্টাৰমাইণ্ড ললতি ঝাৰ আত্মসমৰ্পণ...

বিহালী