লোকসভা কাণ্ডৰ মাষ্টাৰমাইণ্ড ললতি ঝাৰ আত্মসমৰ্পণ...

লোকসভা কাণ্ডৰ মাষ্টাৰমাইণ্ড ললতি ঝাৰ আত্মসমৰ্পণ...

author-image
Asomiya Pratidin
New Update
লোকসভা কাণ্ডৰ মাষ্টাৰমাইণ্ড ললতি ঝাৰ আত্মসমৰ্পণ...

লোকসভা কাণ্ডৰ মাষ্টাৰমাইণ্ড ললতি ঝাৰ আত্মসমৰ্পণ...

ডিজিটেল ডেস্কঃ ১৩ ডিচেম্বৰ, বুধবাৰে সংসদ ভৱনৰ লোকসভাৰ দৰ্শকৰ বিথিকাৰ পৰা মজিয়ালৈ জপিয়াই হালধীয়া ৰঙৰ ধোঁৱা উৰুৱাই সন্ত্ৰাসৰ সৃষ্টি কৰা ঘটনাৰ আঁৰৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ। এই ঘটনাৰ মাষ্টাৰমাইণ্ড ললিত ঝাই নিজেই দিল্লীত আত্মসমৰ্পণ কৰিছে। বুধবাৰে ঘটনাৰ সৈতে জড়িত কেইবাজনকো গ্ৰেপ্তাৰ কৰাৰ পাছত ললিত ঝাৰ সন্ধানত অভিযান চলাই আছিল আৰক্ষীয়ে।

নিজেই উপস্থিত হ'লগৈ আৰক্ষী থানাত

দিল্লী আৰক্ষীৰ সূত্ৰত জানিব পৰা মতে বৃহস্পতিবাৰে নিশা তেওঁ দিল্লীৰ কৰ্তব্যপথৰ থানাত গৈ উপস্থিত হয়। ইয়াৰ পাছতে তেওঁ আত্মসমৰ্পণ কৰে আৰু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। তেওঁৰ সৈতে এই পৰ্যন্ত ঘটনাৰে জড়িতৰ গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি পাই ৬ জনলৈ।

কিদৰে সংঘটিত হৈছিল সেই ঘটনা

বুধবাৰে লোকসভাৰ অধিৱেশন অব্যাহত থকাৰ সময়তে সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডি নামেৰে দুই যুৱক লোকসভাত প্ৰৱেশ কৰিছিল। এগৰাকী বিজেপি সাংসদৰ জৰিয়তে লোকসভাৰ দৰ্শনাৰ্থীৰ বাবে থকা বিথিকাত প্ৰৱেশ কৰা এই লোক দুজনে পৰৱৰ্তী সময়ত জোতাত সুমুৱাই লৈ যোৱা হালধীয়া ৰঙৰ এক ধোঁৱাৰ সামগ্ৰী হাতত লৈ লোকসভাৰ মজিয়াত জাপ দিছিল।

অৱশ্যে কেইবাজনো সাংসদে তেওঁলোক দুজনক কৰায়ত্ত কৰাৰ লগতে লোকসভাৰ মজিয়াতে প্ৰহাৰ কৰি সুৰক্ষা কৰ্মীৰ হাতত গতাই দিয়ে। লগে লগে গ্ৰেপ্তাৰ কৰা হয় দুয়োকে।

ইফালে সাংসদৰ বাহিৰত একেদৰেই হালধীয়া ৰঙৰ ধোঁৱা উৰুৱাই বিক্ষোভ প্ৰদৰ্শন কৰিছিল নীলম আজাদ আৰু অমল সিন্দে নামৰ দুজনে। তেওঁলোককো সুৰক্ষাকৰ্মীয়ে তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিছে।

ইফালে বুধবাৰে নিশা এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত গুৰুগ্ৰামৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল বিশাল শৰ্মা নামৰ এজনক। এই আটাইকেইজনকে সোধ-পোছ কৰাৰ অন্তত আৰক্ষী নিশ্চিত হয় এই সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল ললিত ঝা। তেওঁৱেই সমগ্ৰ বিষয়টো পৰিকল্পনা কৰিছিল। ইয়াৰ পাছতে আৰক্ষীয়ে ললতিৰ সন্ধানত অভিযান আৰম্ভ কৰিছিল।

২০০১ ৰ সংসদ ভৱন আক্ৰমণৰ লগত আছে নেকি সংযোগ

২০০১ চনৰ ১৩ ডিচেম্বৰত পুৰণি সংসদ ভৱনত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে। ২০২৩ ৰ ১৩ ডিচেম্বৰত নতুন সংসদ ভৱনত পুনৰ এইদৰে সন্ত্ৰাস চলোৱা হ'ল। সেয়ে সমগ্ৰ বিষয়টো ৰহস্যৰ আঁৰত সোমাই পৰিছে।

২০০১ ত সংসদ ভৱন আক্ৰমণত জড়িত আছিল আফজল গুৰু। ২০২৩ ত সংসদ ভৱনৰ ভিতৰত সন্ত্ৰাস চলোৱাৰ আঁৰত বিহাৰৰ ললিত ঝা। আফজল গুৰুক ইতিমধ্যে মৃত্যুদণ্ড দিয়া হৈছে।

ললিত ঝা আৰু সংসদ ভৱনৰ মজিয়াত সন্ত্ৰাস চলোৱাসকলৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ইউ এ পি এ বা বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ আধাৰত আৰু ভাৰতীয় দণ্ডবিধিৰ আধাৰত বহু কেইটা গোচৰ।

পেছাত শিক্ষক ললিত ঝা

লোকসভাৰ মজিয়াত এই আক্ৰমণৰ মাষ্টাৰমাইণ্ড ললিত ঝা পেছাত এগৰাকী শিক্ষক। কলিকতাত তেওঁ শিক্ষকতা কৰিছিল। সংসদ ভৱন আক্ৰমণ কৰাৰ প্ৰথম ভিডিঅ' তেওঁ প্ৰেৰণ কৰিছিল হালিচহৰৰ নীলাক্ষ আইচলৈ।

আৰক্ষীয়ে নীলাক্ষ আইচ নামৰ এই লোকজনকো জেৰা কৰিছে। তেওঁৰ পৰাই ললিত ঝাৰ বিষয়ে তথ্য উদঘাটন কৰাৰ চেষ্টা কৰিছিল আৰক্ষীয়ে। অৱশ্যে তাৰ মাজতে ললিত ঝাই আত্মসমৰ্পণ কৰাত নীলাক্ষ আইচে সকাহ লাভ কৰিছে।

Also Read: নগাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত) ত DST বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱন হাব উদ্বোধন...

লোকসভা