ধোঁৱাচাঙত প্ৰধানমন্ত্ৰীৰ সপোনৰ জল জীৱন মিছন আঁচনি

ঠিকাদাৰে উলিয়াই নিছে বিল, ৰাইজে পোৱা নাই এটোপাল বিশুদ্ধ খোৱা পানী

author-image
Asomiya Pratidin
New Update
ধোঁৱাচাঙত প্ৰধানমন্ত্ৰীৰ সপোনৰ জল জীৱন মিছন আঁচনি

ডিজিটেল সংবাদ,ওৰাং : "হৰ ঘৰ নল, হৰ ঘৰ জল"। এই শ্লোগানেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত আৰম্ভ কৰিছিল "জল জীৱন মিছন" নামৰ এক অভিলাষী আঁচনি। প্ৰতিটো পৰিয়ালৰ চোতাললৈ বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে ব্যয় কৰি আহিছে হাজাৰ-হাজাৰ কোটি টকা।

Advertisment

কিন্তু অভিযোগ অনুসৰি ওৰাঙত, এই আচঁনিৰ পৰা অধিকাংশ অঞ্চলৰ ৰাইজে পোৱা নাই এটোপাল বিশুদ্ধ খোৱাপানী। বিকল হৈ পৰি ৰৈছে পানী যোগান আঁচনিসমূহ। ইতিমধ্যে অধিকাংশ আঁচনিৰ ধন মোকলাই পকেট গৰম কৰিছে একাংশ ঠিকাদাৰ, বিভাগীয় বিষয়াই।

জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰা প্ৰায় ৯০ শতাংশ পানী যোগান আঁচনিয়ে বিকল হৈ পৰি ৰৈছে। বহু সংখ্যক আঁচনিৰ কাম সম্পূৰ্ণ হৈছে যদিও বছৰ-বছৰ উকলি যোৱাৰ পিছতো এটোপাল বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হোৱা নাই ৰাইজে।

উল্লেখ্য যে বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে লক্ষাধিক টকা ব্যয়েৰে অংগনবাড়ী কেন্দ্ৰ/বিদ্যালয়ত নিৰ্মাণ কৰা হৈছিল জল জীৱন মিছনৰ আঁচনি। কিন্তু নিৰ্মাণৰ পিছৰে পৰা প্ৰায়ভাগ বিদ্যালয়তে পৰিত্যক্ত আৰু বিকল হৈ আছে আচঁনিসমূহ।

খাব পৰা নাই বিশুদ্ধ পানী। বিটিচিৰ বিভাগীয় ই এম নিলুৎ স্বৰ্গীয়াৰীৰ গৃহ জিলাতে জল জীৱন মিছন আঁচনিৰ পয়ালগা দৃশ্যত লজ্জিত অনুভৱ কৰিছে ধনশ্ৰী পৰিষদীয় সমষ্টিৰ বিপিএফৰ পাৰিষদ(MCLA) ফ্ৰেছ মুছাহাৰীয়ে। আনকি পাৰিষদগৰাকীৰ ঘৰৰ কাষতে থকা আঁচনিও বিকল হৈ পৰি থকাৰ অভিযোগ উত্থাপন কৰিছে।

আঁচনিৰ নামত, ভূমি আৱন্টত কমিছন লোৱাৰ বিস্ফোৰক অভিযোগ MCLA গৰাকীৰ। প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি ৰূপায়নত অসম চৰকাৰ-বিটিচি চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ মুছাহাৰীৰ। এতিয়া প্ৰশ্ন হয় ! ৰাজকোষৰ হাজাৰ-হাজাৰ কোটি টকা ব্যয় কৰি ৰূপায়ন কৰা জল জীৱন মিছন আঁচনি সফল হৈছে নে নাই খৱৰ ৰাখিছে নে চৰকাৰে? নে কেৱল টিভি/কাকতত বিজ্ঞাপন প্ৰকাশ কৰিয়েই সফলতাৰ জয়গান গোৱাৰ পৰিৱৰ্তে আচঁনিৰ দ্বাৰা প্ৰকৃতাৰ্থত ৰাইজ উপকৃত হৈছে নে নাই তাৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে সচেতন ৰাইজে।

Also Read: নায়ক সঞ্জু ছেমছন : গৃহভূমিত অসহায় দক্ষিণ আফ্ৰিকা,ভাৰতৰ শৃংখলা দখল

Jal Jeevan Mission Routa assam govt orang