'দৰ্পণ'যোগে উচ্চ মাধ্যমিকৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি

'দৰ্পণ'যোগে উচ্চ মাধ্যমিকৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি

ডিজিটেল ডেস্ক: দৰ্পণ প'ৰ্টেলযোগে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ সময়সীমা বৃদ্ধি কৰা হৈছে। বিশেষকৈ ইতিমধ্যে আবেদন কৰিও নামভৰ্তিৰ সুযোগ লাভ নকৰা ছাত্ৰ-ছাত্ৰীসকলক অহা ৪ জুলাইৰ ভিতৰত পুনৰ আবেদন কৰিবলৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰে।

এক জাননীযোগে সংসদে এই কথা উল্লেখ কৰে। জাননীত উল্লেখিত অনুসৰি শিক্ষা প্ৰতিষ্ঠানসমূহে অহা ৮ জুলাইৰ ভিতৰত এই নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। উল্লেখ্য যে, দৰ্পণ প'ৰ্টেলযোগে চলি থকা এই নামভৰ্তি প্ৰক্ৰিয়া ৮ জুলাইত এইবৰ্ষৰ বাবে বন্ধ হৈ পৰিব।

'দৰ্পণ'যোগে উচ্চ মাধ্যমিকৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি
মক্কাত হজত গৈ অকাল মৃত্যুক সাবটি ললে ইউনূছ আলীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in