চৰাইদেউত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰীৰ অভিযান...

চৰাইদেউ জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ।

author-image
Asomiya Pratidin
New Update
চৰাইদেউত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰীৰ অভিযান...

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে । শুকুৰবাৰে পুৱাৰ ভাগত জিলাখনৰ সোণাৰি আবকাৰী চক্ৰৰ পৰিদৰ্শকৰ নেতৃত্বত আবকাৰী অভিযানকাৰী দলে সোণাৰি আৰক্ষীৰ সহযোগত জিলাখনৰ চিংলু গ্ৰাণ্ট, খনা মোহনগাঁও আৰু দাঁতিকাষৰীয়া অঞ্চলত এক অভিযান চলায়।

Advertisment

অভিযানকালত দলটোৱে কেইবাটাও স্থানত অসাধু চুলাই মদৰ ব্যৱসায়ীয়ে পাতি লোৱা চুলাইৰ ঘাটি উচ্ছেদ কৰাৰ লগতে প্ৰায় ৫৪০ লিটাৰ চুলাই মদ তৈয়াৰৰ বাবে ৰখা পাছ, ৩টা সুৰা তৈয়াৰত ব্যৱহৃত যন্ত্ৰ জব্দ কৰাৰ লগতে প্ৰায় ৩০ লিটাৰ বিক্ৰীৰ বাবে ৰখা চুলাই জব্দ কৰি নষ্ট কৰে । অভিযানকাৰী দলটো যোৱাৰ উমান পাই অবৈধ সুৰাৰ ব্যৱসায়ীসকল পলায়ন কৰে। অবৈধ সুৰাৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে মুঠ ৩ টা গোচৰ ৰুজু কৰা হৈছে।

আনহাতে আজিৰ দিনটোতে জিলাখনৰ সাপেখাতী আবকাৰী চক্ৰৰ অন্তৰ্গত হোলোঙা মৰা গাঁও, সৰুপথাৰ আদি অঞ্চলত সাপেখাতী আবকাৰীৰ আন এটা দলে সাপেখাতী আৰক্ষীৰ সহযোগত অভিযান চলাই অবৈধ চুলাই মদৰ কেইবাটাও ভাটী উচ্ছেদ কৰে ।লগতে প্ৰায় ৩৩০ লিটাৰ চুলাই তৈয়াৰৰ বাবে ৰখা পাছ, বিক্ৰীৰ বাবে ৰখা প্ৰায় ১৫ লিটাৰ চুলাই, মদ তৈয়াৰৰ বাবে ৰখা ৫ টা যন্ত্ৰ আৰু প্ৰায় ২৫ লিটাৰ লাউপানীৰ পাছ জব্দ কৰি ঠাইতে নষ্ট কৰে। এই সন্দৰ্ভত অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে ৬ টা গোচৰ ৰুজু কৰা হৈছে।

Also Read: বিশেষ ক্রীড়া প্রশিক্ষণ, ESIC ডাক্তৰ ছাৰ্ভিচ ২০২০ৰ সংশোধনৰে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ...

excise department illegal liquor