নাবাৰ্ডৰ উদ্যোগত জাৰিমিন বোৱাকটা সমবায় সমিতি লিমিটেডৰ বিপণী উদ্বোধন

জামুগুৰিহাটত 'জাৰিমিন ৰুৰেল মাৰ্ট'ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নাৱাৰ্ডৰ উপ প্ৰৱন্ধক শ্ৰীৰাম ভি আয়াৰ
নাবাৰ্ডৰ উদ্যোগত জাৰিমিন বোৱাকটা সমবায় সমিতি লিমিটেডৰ বিপণী উদ্বোধন
নাবাৰ্ডৰ উদ্যোগত জাৰিমিন বোৱাকটা সমবায় সমিতি লিমিটেডৰ বিপণী উদ্বোধন

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিলৰ কেথলিক গীৰ্জাৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত সোমবাৰে নাবাৰ্ডৰ উদ্যোগত জাৰিমিন বোৱাকটা সমবায় সমিতি লিমিটেডৰ জৰিয়তে স্থাপন কৰা “জাৰিমিন ৰুৰেল মাৰ্ট” নামৰ এখন গ্ৰাম্য বিপণিৰ শুভ উদ্বোধন কৰে নাৱাৰ্ডৰ উপ প্ৰৱন্ধক শ্ৰীৰাম ভি আয়াৰে৷

গ্ৰামাঞ্চলৰ শিপিনীসকলে থলুৱাভাৱে তাতশালত বোৱাকটা কৰি উৎপাদন কৰা মূগাৰ মেখেলা, চাদৰ, গামোচা, কুৰ্তা আদিকে ধৰি বিভিন্ন বস্ত্ৰজাত সামগ্ৰীসমূহ উপলব্ধ হোৱাকৈ স্থাপন কৰা গ্ৰাম্য বিপণিখনৰ শুভ উদ্বোধনী অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে নৱাৰ্ডৰ জিলা প্ৰৱন্ধক সুমন চেটাৰ্জী, কেদেটৰ অধ্যক্ষ ধীৰেন ডেকা, সচিৱ মনোৰঞ্জন হাজৰিকা আৰু প্ৰজেক্ট কো অৰদিনেটৰ মণিকা দাসে৷

অঞ্চলটোৰ শতাধিক থলুৱা শিপিনী ও মহিলাৰ উপস্থিতিত অনুষ্ঠিত শুভ উদ্বোধনী অনুষ্ঠানটিৰ আঁতধৰে জাৰিমিন বোৱাকটা সমবায় সমিতিৰ সম্পাদিকা ৰেজিনা বাগলাৰীয়ে৷

নাবাৰ্ডৰ উদ্যোগত জাৰিমিন বোৱাকটা সমবায় সমিতি লিমিটেডৰ বিপণী উদ্বোধন
কঠীয়াতলীৰ উৰণ সেতুৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিলে স্থানীয় ৰাইজে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in