অৱশেষত অমিত শ্বাহক সাক্ষাৎ কৰিলে ৰাজেন গোহাঁয়ে...

অৱশেষত অমিত শ্বাহক সাক্ষাৎ কৰিলে ৰাজেন গোহাঁয়ে...

author-image
Asomiya Pratidin
New Update
অৱশেষত অমিত শ্বাহক সাক্ষাৎ কৰিলে ৰাজেন গোহাঁয়ে...

অৱশেষত অমিত শ্বাহক সাক্ষাৎ কৰিলে ৰাজেন গোহাঁয়ে...

ডিজিটেল ডেস্কঃ অৱশেষত গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাৎ পালে নগাওঁৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁয়ে। দেওবাৰৰ পৰা দিল্লীত বাহৰ পাতি থকা গোহাঁয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক শুকুৰবাৰৰ বিয়লিৰ ভাগত সাক্ষাৎ কৰিলে।

Advertisment

এই সাক্ষাতৰ কালত ৰাজেন গোহাঁয়ে অমিত শ্বাহৰ সৈতে কি কথা পাতিলে সেই সন্দৰ্ভত এতিয়ালৈকে কোনো কথা সংবাদ মাধ্যমক সদৰি কৰা নাই তেওঁ। উল্লেখযোগ্য যে, কেবিনেট মৰ্যাদাৰ পৰা পদত্যাগ কৰাৰ পাছতে ৰাজেন গোহাঁয়ে বিজেপিৰ একাংশ নেতাৰ প্ৰতি মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰিছিল।

তাৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অমিত শ্বাহে যোগাযোগ কৰি ৰাজেন গোহাঁইক দিল্লীলৈ মাতি পঠিয়াইছিল। দিল্লীত প্ৰায় ৫ দিন বাহৰ পাতি থকাৰ অন্তত শুকুৰবাৰে গোহাঁইক অমিত শ্বাহে সাক্ষাৎ দিয়ে।

Also Read: নৰেন্দ্ৰ মোডীৰ ডিগ্ৰীৰ বিতৰ্কঃ উচ্চতম ন্যায়ালয়ে বিমুখ কৰিলে কেজৰিৱালক...

অমিত শ্বাহ ৰাজেন গোহাঁই