নৰেন্দ্ৰ মোডীৰ ডিগ্ৰীৰ বিতৰ্কঃ উচ্চতম ন্যায়ালয়ে বিমুখ কৰিলে কেজৰিৱালক...

নৰেন্দ্ৰ মোডীৰ ডিগ্ৰীৰ বিতৰ্কঃ উচ্চতম ন্যায়ালয়ে বিমুখ কৰিলে কেজৰিৱালক...
নৰেন্দ্ৰ মোডীৰ ডিগ্ৰীৰ বিতৰ্কঃ উচ্চতম ন্যায়ালয়ে বিমুখ কৰিলে কেজৰিৱালক...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিগ্ৰীৰ সৈতে সম্পৰ্কিত গুজৰাট বিশ্ববিদ্যালয়ৰ মানহানী গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত সকাহ নাপালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। উচ্চতম ন্যায়ালয়ত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দাখিল কৰা আৱেদন শুকুৰবাৰে অগ্ৰাহ্য কৰিছে।  

ন্যায়ালয়ে এই সন্দৰ্ভত কয়, আপোনাৰ পুনৰীক্ষণৰ আৱেদন উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। সেয়েহে ইয়াত শুনানিৰ কোনো প্ৰয়োজন নাই।

উল্লেখ্য যে, এই গোচৰত নিম্ন আদালতে কেজৰিৱালক চমন জাৰি কৰিছে। গুজৰাট বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে কেজৰিৱালে কৰা মন্তব্যৰ সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ দাখিল কৰিছিল।

ন্যায়ালয়ত আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় সমন্বয়ক অৰবিন্দ কেজৰিৱালৰ পক্ষত যুক্তি প্ৰদৰ্শন কৰিছিল অভিষেক মনু সিঙঘীয়ে। তেওঁ ন্যায়ালয়ত কয় যে, নিম্ন আদালতে জাৰি কৰা চমন আদেশ ভুল ধৰণে জাৰি কৰা হৈছে। আনহাতে গুজৰাট বিশ্ববিদ্যালয়ৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই।

নৰেন্দ্ৰ মোডীৰ ডিগ্ৰীৰ বিতৰ্কঃ উচ্চতম ন্যায়ালয়ে বিমুখ কৰিলে কেজৰিৱালক...
NSCN (IM)ক মূল সূঁতিলৈ আনি আলফাক গুৰুত্বহীন কৰাৰ লক্ষ্য কেন্দ্ৰৰ !

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in