মঙলদৈৰ প্ৰাক্তন বিধায়ক লক্ষ্মীকান্ত শইকীয়াৰ দেহাৱসান

মঙলদৈৰ প্ৰাক্তন বিধায়ক লক্ষ্মীকান্ত শইকীয়াৰ দেহাৱসান

ডিজিটেল সংবাদ,‌ মঙলদৈঃ কলাই গাওঁ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক, মঙলদৈ নগৰ সমবায় বেংকৰ প্ৰতিস্থাতা, অসমৰ জেষ্ঠ অধিবক্তা মঙলদৈৰ ৰাজাপাম নিবাসী লক্ষ্মীকান্ত শইকীয়াৰ বাৰ্ধক্যজনিত কাৰণত দেওবাৰে আবেলি দেহাৱসান ঘটে।

শইকীয়াৰ দেহাৱসানৰ খবৰে মঙলদৈৰ লগতে জিলা খনত শোকৰ ছাঁ পেলায়। শইকীয়াৰ মৃত্যুৰ খৱৰ ওলোৱাৰ লগে লগে মঙলদৈ ৰাজাপামস্থিত বাসগৃহত গুণমুগ্ধসকলে ভিৰ কৰে।

সদৌ অসম ছাত্ৰ সন্থা, জিলা ছাত্ৰ সন্থা, দৰং জিলা সাহিত্য সভা, মঙলদৈ প্ৰেছ ক্লাব, মঙলদৈ জিলা মইনা পাৰিজাত, মঙলদৈ সনাতন ধৰ্ম সভা,আদি অনুস্থান প্ৰতিষ্ঠানৰ উপৰিও বহু বিশিষ্ট ব্যক্তি তথা মঙলদৈৰ সৰ্বসাধাৰণ ৰাইজে লক্ষ্মীকান্ত শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰে।

মঙলদৈৰ প্ৰাক্তন বিধায়ক লক্ষ্মীকান্ত শইকীয়াৰ দেহাৱসান
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ ফেল’শ্বিপ সন্মান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in