মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ ফেল’শ্বিপ সন্মান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ ফেল’শ্বিপ সন্মান

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ ফেল’শ্বিপ সন্মান

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ ফেল’শ্বিপ সন্মান। লি কুয়ান য়ু এক্সচেঞ্জ ফেল’শ্বিপ আগবঢ়োৱা হৈছে মুখ্যমন্ত্রী ড০ শৰ্মালৈ।

Advertisment

এই সন্মানৰ অংশ হিচাপে মুখ্যমন্ত্রীক ছিংগাপুৰ ভ্রমণৰ বাবে আমন্ত্রণ কৰিছে। এই ফেল’শ্বিপ লাভ কৰা অসমৰ প্রথমগৰাকী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা।

ইয়াৰ পূৰ্বে এই ফেল’শ্বিপ লাভ কৰিছিল প্রাক্তন কেন্দ্রীয় মন্ত্রী অৰুণ শ্বৌৰী, মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান আৰু পৰিকল্পনা আয়োগৰ প্রাক্তন উপাধ্যক্ষ মনটেক সিং আলুৱালিয়াই।

Also Read: দৈগ্ৰোং নাট্যমন্দিৰত মহিলাৰ দ্বাৰা ভাওনা পৰিৱেশন

himanta biswa sarma