/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/31991cdf-0256-4397-bf06-d16a88383cac/u3.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, অসম আন্দোলনৰ অন্যতম নেতা ইক্ৰাম চৌধাৰীৰ দেহাৱসান। যোৰহাট মেডিকেল কলেজত সোমবাৰে প্ৰাক্তন আছু নেতাগৰাকীৰ পৰলোক প্ৰাপ্তি ঘটে।
আজি তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয় চৌহদত তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । অসম আন্দোলনৰ নেতা গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাক্তন ছাত্ৰনেতা নিলোফাৰ ৰহমান, সঞ্জয় দত্ত, নীল দাস তথা ছাত্ৰ সন্থাৰ বিষয়াসকল আৰু পৰিয়ালবৰ্গই। আজি বিয়লি ২.৩০ বজাত নেতাগৰাকীৰ জানাফা সম্পন্ন কৰা হয় বুলি জানিবলৈ দিয়ে। 
Also Read: গোলাঘাটত বৃহৎ কৃষিভূমি ধ্বংস : জিলা প্ৰশাসনক হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us