গোলাঘাটত বৃহৎ কৃষিভূমি ধ্বংস : জিলা প্ৰশাসনক হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

জিলা প্ৰশাসনে গোলাঘাটৰ কৃষিভূমি ধ্বংস ৰোধ নকৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ল'ব
গোলাঘাটত বৃহৎ কৃষিভূমি ধ্বংস : জিলা প্ৰশাসনক হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাটৰ ৰাজহ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ লগ হৈ বৃহৎ পৰিমাণৰ কৃষিভূমি ধ্বংস কৰিবলৈ উঠিপৰি লগাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। গাঁৱৰ সহজ সৰল খেতিয়কৰ পৰা উৰ্বৰা কৃষিভূমি কম মূল্যত ক্ৰয় কৰি একাংশ বণিয়াই আৰম্ভ কৰিছে বৃহৎ নিৰ্মাণ কাৰ্য।

গোলাঘাট জিলাৰ মৌখোৱা মৌজাৰ অন্তৰ্গত ঐতিহ্য মণ্ডিত হামদৈ পথাৰখন একাংশ ভূ-মাফিয়াই অসাধু বণিয়াৰ লগ লাগি ধ্বংস কৰাৰ বাবে উঠিপৰি লাগিছে । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি জৰিয়তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ গোলাঘাট জিলা সমিতিৰ সভাপতি আকাশ দাৱ, কাৰ্য্যকৰী সভাপতি বিচিত্ৰ বৰা অৰিন্দম তামুলী, উপ-সভাপতি বিপ্লৱ বৰা আৰু সম্পাদক ৰুপম গগৈ জোতিস্মান বৰা সুপ্ৰতিম ৰাজখোৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁলোকে উল্লেখ কৰে যে The Assam Agricultural land( Regulation of Reclassification and transfer for non agriculture purpose) Act 2015ৰ মতে ১০ বছৰ অধিক সময় এটুকুৰা ভূমি কৃষি কাৰ্য্যত ব্যৱহাৰ নকৰিলে সেই ভূমি টুকুৰা অন্যকামত ব্যৱহাৰ কৰিব পাৰি । কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গৈছে এই সমূহ নীতি নিয়ম ভৰিৰে মোহাৰি একাংশ বণিয়াই গোলাঘাটত অবাধ হাৰত চলাই গৈছে উৰ্বৰা কৃষিভূমি ধ্বংস যজ্ঞ অব্যাহত ৰাখিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই সকলো দেখিও নেদেখাৰ ভাওহে দেখা গৈছে বুলি উল্লেখ কৰে।

অন্যহাতে গোলাঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিষয়া কৰ্মচাৰীয়ে বনিয়া গোষ্ঠীৰ লগত লাগি হামদৈ পথাৰৰ কৃষিভূমি একে ৰাতিৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ ভূমিলৈ পৰিবৰ্তন কৰি মুনাফা অৰ্জন কৰি আহিছে বুলিও কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। অতি সোনকালেই গোলাঘাট জিলা প্ৰশাসনে গোলাঘাটৰ কৃষিভূমি ধ্বংস ৰোধ নকৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ল'ব বুলিও প্ৰেছ বিজ্ঞপ্তিত হুংকাৰ দিয়ে।

গোলাঘাটত বৃহৎ কৃষিভূমি ধ্বংস : জিলা প্ৰশাসনক হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
স্পাইচেছ ব'ৰ্ড অৱ ইণ্ডিয়াৰ উদ্যোগত বংশৰত আদা খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in