১৯ ডিচেম্বৰত আৰম্ভ হ'ব বটদ্ৰৱা বেদখকৃত ভূমি উচ্ছেদ অভিযান

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা অঞ্চলৰ সাম্প্ৰতিক সময়ৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত নগাঁও জিলা আৰক্ষী আৰু বটদ্ৰৱাৰ সাংবাদিক সকলৰ শনিবাৰে নিশা এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
১৯ ডিচেম্বৰত আৰম্ভ হ'ব বটদ্ৰৱা বেদখকৃত ভূমি উচ্ছেদ অভিযান

ডিজিটেল সংবাদ, বটদ্ৰৱা: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা অঞ্চলৰ সাম্প্ৰতিক সময়ৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত নগাঁও জিলা আৰক্ষী আৰু বটদ্ৰৱাৰ সাংবাদিক সকলৰ শনিবাৰে নিশা এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। বটদ্ৰৱা আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনত অনুষ্ঠিত সভাখন সম্বোধন কৰি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে "বিভিন্ন জাতি বৰ্ণ ধৰ্মৰ মিলনস্থলী ঐতিহ্যমণ্ডিত বটদ্ৰৱা অঞ্চল সকলোৰে বাবে শ্ৰদ্ধাৰ স্থলী।

Advertisment

কিন্তু বিগত দিনত এই অঞ্চলটিত হৈ যোৱা হত্যা, ধৰ্ষণ আৰু বটদ্ৰৱা থানা আক্ৰমনৰ দৰে কলা দিন বোৰ যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে আৰক্ষী, সাংবাদিক সকলো একত্ৰিত হৈ কাম কৰিব লাগে" বুলি ভাষন প্ৰদান কৰে। লগতে অহা ১৯ ডিচেম্বৰৰ পৰা আৰম্ভ হবলগীয়া বটদ্ৰৱাৰ বেদখকৃত ভূমি উচ্ছেদ অভিযানত সকলোৱে শান্তিপূৰ্ণ ভাৱে সহযোগীতা আগবঢ়াই তাৰ আহ্বান জনায়।

আজিৰ গুৰুত্বপূৰ্ণ সভাখনত নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে, অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদিপ প্ৰতীম কুম্বাঙ, নৱম আৰক্ষী বাহিনীৰ অধিনায়ক বিবেকানন্দ দাস, বটদ্ৰৱা আৰক্ষী চক্ৰ পৰিদৰ্শক অসীম বৰা, বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সম্প্ৰীতি হাজৰিকা, বটদ্ৰৱা সাংবাদিক সন্থাৰ সম্পাদক মাজিদুল ইছলাম, কোষাধ্যক্ষ দিব্যজ্যোতি বৰুৱাকে প্ৰমুখ্য কৰি বটদ্ৰৱা সাংবাদিক সন্থাৰ সদস্য সকল আৰু ধিং প্ৰেছ ক্লাৱৰ সভাপতি ৰাজীৱ নেওগ, জেষ্ঠ সাংবাদিক বাছাৰ উল্লাহ মুজাদাদ্দীকে আদি কৰি ধিঙৰো কেইবাগৰাকী সাংবাদিক উপস্থিত থাকে।

আৰু পঢ়ক: ন্যুনতম সমৰ্থন মূল্যত ধান ক্ৰয় প্ৰক্ৰিয়াৰ পৰ্যালোচনা মন্ত্ৰী পীযুষৰ

assam batadrava