বুঢ়াচাপৰি অভয়াৰণ্যৰ লাঠিমাৰি চৰত উচ্ছেদিত লোকে ভাঙিলে এক্সেভেটৰ

বুঢ়াচাপৰি অভয়াৰণ্যৰ লাঠিমাৰি চৰত উচ্ছেদিত লোকে ভাঙিলে এক্সেভেটৰ

ডিজিটেল সংবাদ, ৰূপহীহাটঃ বুঢ়াচাপৰি অভয়াৰণ্যত সোমবাৰে একাংশ উচ্ছেদিত লোকে এখন এক্সেভেটৰ ভঙাৰ লগতে চালক জনক আক্ৰমন কৰে। ফলত চালকজন আহত হয় ৷ উচ্ছেদিত লোকে বনকৰ্মী লগত তৰ্ক কৰাৰ লগতে দুজন বনকৰ্মীকো আক্ৰমন কৰে।

পিছত বনকৰ্মী লো সকলে উচ্ছেদিত লোকসকলৰ ৰূদ্ৰ ৰূপ দেখি তাৰ পৰা আতৰিবলৈ বাধ্য হয় ৷ উক্ত কাণ্ড হোৱাৰ পিছত সমগ্ৰ জুৰীয়া আঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰে ৷ আহত বনকৰ্মী দুজন ক্ৰমে হেদায়ৎ উল্লাহ আৰু মাইনুল ইছলাম ৷ পিছত আহত কেইজনে ঘটনা সংক্ৰান্তত জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে ১২ দিনৰ পূৰ্বে অভয়াৰণ্য খনৰ বিভিন্ন স্থানত উচ্ছেদ চলোৱাৰ লগতে লাঠিমাৰিটো উচ্ছেদ চলিছিল ৷ ইয়াৰ পিছত সোমবাৰে লাঠিমাৰিত বনকৰ্মীৰ দল এটাই সীমাত গাত খান্দি খুটা নিৰ্মানৰ বাবে এক্সেভেটৰো নিছিল ৷ দলটো সেই স্থানত যোৱাৰ পিছত দলে বলে গৈ একাংশ উচ্ছেদকাৰীয়ে তৰ্কত লিপ্ত হোৱাৰ লগতে আক্ৰমনো কৰে ৷ ফলত এক অপ্ৰীতিকৰ পৰিস্থিতিয়ে বিৰাজ কৰে ৷

বুঢ়াচাপৰি অভয়াৰণ্যৰ লাঠিমাৰি চৰত উচ্ছেদিত লোকে ভাঙিলে এক্সেভেটৰ
কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা নগাঁৱৰ উদ্যোগত দুদিনীয়াকৈ কৃষক মেলা আৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in