প্ৰতিখন মেডিকেল কলেজতে হ'ব নাৰ্ছৰ পাঠ্যক্ৰমঃ অসমৰ বাবে নহয়, বিশ্বৰ বাবে নাৰ্ছ তৈয়াৰ কৰিব অসমে !

প্ৰতিখন মেডিকেল কলেজতে হ'ব নাৰ্ছৰ পাঠ্যক্ৰমঃ অসমৰ বাবে নহয়, বিশ্বৰ বাবে নাৰ্ছ তৈয়াৰ কৰিব অসমে !
প্ৰতিখন মেডিকেল কলেজতে হ'ব নাৰ্ছৰ পাঠ্যক্ৰমঃ অসমৰ বাবে নহয়, বিশ্বৰ বাবে নাৰ্ছ তৈয়াৰ কৰিব অসমে !

ডিজিটেল ডেস্কঃ কৰিমগঞ্জ অথহা ৰাটাবাৰী আৰু শিৱসাগৰত চলিত বছৰতে নিৰ্মাণ হ'ব মেডিকেল কলেজ। আনহাতে তিনিচুকীয়াৰ নিৰ্মীয়মাণ মেডিকেল কলেজত অহা বছৰৰ পৰা পাঠ্যক্ৰম আৰম্ভ হ'ব।

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সন্দৰ্ভত এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি এক সংবাদ মেল সম্বোধন কৰি তেওঁ অসমৰ স্বাস্থ্য খণ্ডই নতুন দিগন্তত ভৰি দিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি এই বিষয়ে সদৰি কৰিছে।

তেওঁ কয়, অহা বছৰত তিনিচুকীয়াত নিৰ্মীয়মান মেডিকেল কলেজখন কাৰ্যক্ষম কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই বছৰৰ ভিতৰত কৰিমগঞ্জ বা ৰাটাবাৰী আৰু শিৱসাগৰতো মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ কৰিব।

সমান্তৰালকৈ অসমৰ প্ৰতিখন মেডিকেল কলেজতে বি এছ চি আৰু এম এছ চি নাৰ্ছিং কলেজ খুলিব অসম চৰাকৰে। এই কলেজসমূহত নাৰ্ছিং শিক্ষাৰ লগতে এটা বিদেশী ভাষা আৰু ছফ্ট স্কিলৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব।

এই নতুন পাঠ্যক্ৰমৰ উদ্দেশ্য হৈছে গ্ল’বেল নাৰ্ছেছ তৈয়াৰ কৰা।যাতে ইয়াত অধ্যয়ন কৰি অসমৰ নাৰ্ছে বিশ্বৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়াব পাৰে।

উল্লেখ্য যে, ১০ মে'ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দুবছৰ সম্পূৰ্ণ হ'ব। এই বিশেষ দিনটোতে স্বাস্থ্যৰ ওপৰত গুৰুত্ব দি অসমৰ প্ৰতিজন ৰেছন কাৰ্ড থকা ব্যক্তিক মুখ্যমন্ত্ৰীৰ আয়ুস্মান অসম আঁচনিত সামৰি লোৱা হ'ব।

মন কৰিবলগীয়া যে, প্ৰধানমন্ত্ৰী আয়ুস্মান ভাৰত আঁচনিয়ে ২৭ লাখ মানুহক সামৰি লয়। কিন্তু অসমত ৰেছন কাৰ্ড থকা মানুহ আছে ৫৫ লাখ। সেয়ে অতিৰিক্ত মানুহখিনিক মুখ্যমন্ত্ৰীৰ আয়ুস্মান অসম আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব।

আনহাতে এতিয়াৰ অটল অমৃত যোজনা বন্ধ কৰি নতুনকৈ আৰম্ভ কৰা হ'ব। পূৰ্বে এই আঁচনিয়ে মাত্ৰ ৫ টা ৰোগক সামৰি লৈছিল। এতিয়াৰে পৰা নতুন অটল অমৃত যোজনাই সকলোবোৰ ৰোগকে সামৰি ল'ব।

প্ৰতিখন মেডিকেল কলেজতে হ'ব নাৰ্ছৰ পাঠ্যক্ৰমঃ অসমৰ বাবে নহয়, বিশ্বৰ বাবে নাৰ্ছ তৈয়াৰ কৰিব অসমে !
'আমূল'ৰ দৰে অসমৰো হ'ব গাখীৰৰ নিজা ব্ৰেণ্ডঃ গো-পালকে প্ৰতি লিটাৰ গাখীৰত চৰকাৰৰ পৰা পাব সাহায্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in