'আমূল'ৰ দৰে অসমৰো হ'ব গাখীৰৰ নিজা ব্ৰেণ্ডঃ গো-পালকে প্ৰতি লিটাৰ গাখীৰত চৰকাৰৰ পৰা পাব সাহায্য...

'আমূল'ৰ দৰে অসমৰো হ'ব গাখীৰৰ নিজা ব্ৰেণ্ডঃ গো-পালকে প্ৰতি লিটাৰ গাখীৰত চৰকাৰৰ পৰা পাব সাহায্য...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ দুগ্ধ উৎপাদনকাৰীসকললৈ আহিছে ভাল খবৰ। ৰাজ্য চৰকাৰে দুগ্ধ উন্নয়নৰ বাবে ল'ব বিশেষ পদক্ষেপ। ৰাজ্য চৰকাৰে অসমত তৈয়াৰ কৰিব গাখীৰৰ এক নিজা ব্ৰেণ্ড।

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এক সংবাদমেলত সবিশেষ প্ৰকাশ কৰিছে। তেওঁ কয়, ৰাজ্যত দুগ্ধ উৎপাদন সন্দৰ্ভত আমূল পৰিৱৰ্তন আনিবলৈ আৰু এটা নিজা ব্ৰেণ্ড তৈয়াৰ কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে। অহা ১ জুনৰ পৰা ডায়েৰী প্ৰডাকশ্যনৰ ওপৰত এক বিশাল পদক্ষে গ্ৰহণ কৰিব বিচাৰিছে ৰাজ্য চৰকাৰে।

এই পদক্ষেপ অনুসৰি সমবায় সমিতিৰ জৰিয়তে গো-পালকসকলৰ পৰা যিসমূহ গাখীৰ সংগ্ৰহ কৰা হয়, সেই গো-পালকসকলক চৰকাৰে প্ৰতি লিটাৰ গাখীৰত ৫ টকাকৈ অতিৰিক্ত ৰাজসাহায্য প্ৰদান কৰিব। সমবায় সমিতিয়ে বজাৰ মূল্য হিচাপত গো-পালকসকলক প্ৰতি লিটাৰ গাখীৰৰ পৰিৱৰ্তে মূল্য আদায় দিয়াৰ উপৰিও চৰকাৰে প্ৰিমিয়াম হিচাপত অতিৰিক্ত ৫ টকাকৈ প্ৰতি লিটাৰ গাখীৰত প্ৰদান কৰিব।

অৰ্থাৎ এগৰাকী গো-পালকে যদি সমাবয় সমিতিক ৩০ টকা দৰত এক লিটাৰ গাখীৰ বিক্ৰী কৰে তেন্তে সেই গো-পালকসকলে এই প্ৰকল্প অনুসৰি সমবায়ৰ পৰা ৩০ টকা লাভ কৰাৰ উপৰিও অতিৰিক্ত ভাৱে চৰকাৰৰ পৰা লাভ কৰিব ৫ টকা। এই অতিৰিক্ত ৫ টকাৰ ৰাজ সাহায্য চৰকাৰে গো-পালকসকলক প্ৰিমিয়াম হিচাপে প্ৰদান কৰিব।

অৱশ্যে ব্যক্তিগত ক্ৰয়-বিক্ৰয়ত এই নীতি প্ৰযোজ্য নহ'ব। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে, অসমত আমূল, নন্দিনীৰ দৰে এটা নিজা ব্ৰেণ্ড তৈয়াৰ কৰা। ইয়াৰ বাবে যি সমবায়েই গাখীৰ ক্ৰয় নকৰক কিয় ব্ৰেণ্ডৰ নাম এটাই হ'ব।

অৰ্থাৎ পুৰবী ডায়েৰী, কন্যাকাই গো-পালকৰ পৰা গাখীৰ ক্ৰয় কৰিলেও সেই গাখীৰ পুৰবী বা কন্যাকাৰ নামত বিক্ৰী নহ'ব। বিক্ৰী হ'ব এটা ব্ৰেণ্ডৰ নামত। সেই ব্ৰেণ্ডৰ নাম অসমী হ'বনে আন কিবা হ'ব সেয়া পৰৱৰ্তী সময়ত নিৰ্ধাৰণ কৰা হ'ব। অসম চৰকাৰৰ এই নিজা ব্ৰেণ্ডক আমূল, নন্দিনীৰ সমপৰ্যায়লৈ লৈ যোৱা হ'ব।

'আমূল'ৰ দৰে অসমৰো হ'ব গাখীৰৰ নিজা ব্ৰেণ্ডঃ গো-পালকে প্ৰতি লিটাৰ গাখীৰত চৰকাৰৰ পৰা পাব সাহায্য...
মুখ্যমন্ত্ৰীৰ এইবোৰ কথা শুনিলে আপোনাৰো ভাল লাগিব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in