বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত আৰম্ভ হোৱা পৰিস্কাৰ পৰিচ্চন্নতা প্ৰতিযোগিতাৰ মূল্যায়ন

মূল্যায়ন প্ৰক্ৰিয়াত অৰণ্য মানৱ যাদৱ পায়েং,জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ,প্ৰাণজিৎ শইকীয়া,নন্দন প্ৰতিম শৰ্মা বৰদলৈ,শিক্ষাবিদ দিনেশ গগৈকে ধৰি কেইবাগৰাকীও লোকে অংশ লৈছে

author-image
Asomiya Pratidin
New Update
বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত আৰম্ভ হোৱা পৰিস্কাৰ পৰিচ্চন্নতা প্ৰতিযোগিতাৰ মূল্যায়ন

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ খুমটাইত বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত আৰম্ভ হৈছিল পৰিস্কাৰ পৰিচ্চন্নতা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ শনিবাৰৰ পৰা মূল্যায়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে ।

Advertisment

এই মূল্যায়ন প্ৰতিযোগিতাত অসমৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিয়ে অংশ লৈছে । উল্লেখযোগ্য যে খুমটাই সমষ্টিৰ ১২১ খন ৰাজহ গাঁও আৰু ২৪ খন বাগিছাই অংশ লৈছে এই পৰিষ্কাৰ প্ৰতিযোগিতাত ।

বিধায়ক মৃণাল শইকীয়াই প্ৰত্যক্ষভাৱে তদাৰক কৰা এই প্ৰতিযোগিতাৰ মূল্যায়ন প্ৰক্ৰিয়াত অৰণ্য মানৱ যাদৱ পায়েং,জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ,প্ৰাণজিৎ শইকীয়া,নন্দন প্ৰতিম শৰ্মা বৰদলৈ,শিক্ষাবিদ দিনেশ গগৈকে ধৰি কেইবাগৰাকীও লোকে অংশ লৈছে । বিচাৰক সকলে চাৰিটা ভাগত বিভক্ত হৈ আজিৰ পৰা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।

Also Read: বৰপেটাৰ বিভিন্ন স্থানত মথাউৰি পুন:নিৰ্মাণ কাৰ্য পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

mrinal saikia Cleanliness