অসম দৰ্শনৰ অনুদানৰে চতিয়াত শ্ৰী শ্ৰী কমলাবাৰী গৃহস্থী সত্ৰ নামঘৰ প্ৰতিষ্ঠা

অসম দৰ্শনৰ অনুদানৰে চতিয়াত শ্ৰী শ্ৰী কমলাবাৰী গৃহস্থী সত্ৰ নামঘৰ প্ৰতিষ্ঠা

ডিজিটেল সংবাদ,কমলাবাৰী : কমলাবাৰী সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ আছিল শ্ৰীৰাম গুৰুৰ আদিপুৰুষ লুকীবৰদেৱ। তেওঁলোক কৌনজৰ পৰা আহি ভূঞা সকলৰ লগলাগি বৰদোৱাত থাকি এক পৰিঘটনাত ১৬ শ শতিকাৰ প্ৰথম ভাগতে বাৰভূঞাৰ লগলাগি চতিয়ালৈ আহি চতিয়াতে ( বৰ্তমানৰ সত্ৰঘৰীয়া সকল থকা স্থানতে ) নিবাস কৰিছিল ৷

বঙ্গদেশৰ সেনাপতি কালাপাহাৰৰ অসম আক্ৰমণৰ সময়ত তেওঁ চতিয়া এৰি বৰনাৰায়ণপুৰলৈ গুচি যায় ৷ পৰৱৰ্তী সময়ত তেওঁৰ বংশ পৰিয়াল মাজুলীত থাকিবলৈ লয়।

মানৰ প্ৰথম আক্ৰমনৰ পাছত পৰিয়ালটি পুনৰ চতিয়ালে উভতি আহে ৷ বাৰভূঞা সকলৰ লগলাগি লুকীবৰ দেৱৰ বংশধৰ সত্যবৰদেৱে ৯ খোটালিৰ নামঘৰ প্ৰতিষ্ঠা কৰে। সেইয়া আছিল কমলাবাৰী গৃহস্থী সত্ৰৰ আৰম্ভণি ৷

সত্যবৰৰ নাতি মোক্ষকান্ত গোস্বামীৰ দিনত সত্ৰখনে সবল ৰূপে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছিল ৷ ইয়াৰ পাছতো ইতিহাসৰ বহুপৃষ্ঠা লুটি খালে ৷ মোক্ষকান্ত গোস্বামীৰ নাতি সত্ৰাধিকাৰ গোপাল কৃষ্ণ গোস্বামীৰ (সদ্যহতে কলাগুৰু বঁটা প্ৰাপক) দিনত মূলসত্ৰ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দনদেৱ গোস্বামীৰ পষ্ঠপোষকতাত অসম চৰকাৰৰ “ অসম দৰ্শন ” অনুদানৰে ২০২১ বৰ্ষৰ ৬ ডিচেম্বৰত আৰম্ভ কৰা সত্ৰৰ নামঘৰ ভাগ এতিয়া সম্পূৰ্ন হৈ উঠিছে ৷ সেয়েএই শুভক্ষণত বুধবাৰে মণিকূটত সিংহাসন প্ৰতিষ্ঠা কৰি নামঘৰ ভাগ ভকত বৈষ্ণৱৰ বাবে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷

অসম দৰ্শনৰ অনুদানৰে চতিয়াত শ্ৰী শ্ৰী কমলাবাৰী গৃহস্থী সত্ৰ নামঘৰ প্ৰতিষ্ঠা
মাজুলীৰ ঐতিহাসিক সত্ৰ-নামঘৰত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে প্রাৰ্থনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in