মাজুলীৰ ঐতিহাসিক সত্ৰ-নামঘৰত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে প্রাৰ্থনা

মাজুলীৰ ঐতিহাসিক সত্ৰ-নামঘৰত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে প্রাৰ্থনা

ডিজিটেল সংবাদ,মাজুলী : বুধবাৰে সন্ধিয়া ৬ বাজি ৪মিনিটত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ দিশে সাজু হৈছে ৰ'ভাৰ প্ৰজ্ঞান। ইছৰ'ৰ দ্বাৰা প্ৰক্ষেপিত চন্দ্ৰযান-৩ৰ এই ঐতিহাসিক মুহূৰ্তৰ বাবে উৎকণ্ঠাৰ অন্ত নাই ভাৰতবাসীৰ লগতে সমগ্ৰ বিশ্ববাসীৰ।

কিয়নো প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণৰ দিশে অগ্ৰসৰ হৈছে চন্দ্ৰযান-৩ৰ ৰ'ভাৰ প্ৰজ্ঞান। ইতিমধ্য়ে লেণ্ডাৰ বিক্ৰমে নিজৰ ওজন হ্ৰাস কৰি চন্দ্ৰৰ বুকুত অৱতৰণৰ বাবে প্ৰহৰ গণনা আৰম্ভ কৰিছে।

এই বিৰল মুহূৰ্তৰ বাবে মাজুলীৰ ঐতিহাসিক সত্ৰ নামঘৰত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে প্রাৰ্থনা জনাইছে। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে মাজুলীবাসী ঐতিহাসিক ক্ষণৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে।

এই ঐতিহাসিক মুহূৰ্তৰ প্ৰাক্ক্ষণত পদ্মশ্ৰী ড°হেমচন্দ্ৰ গোস্বামীয়ে ISRO বিজ্ঞানীসকলক শুভেচ্ছা জনাইছে। লগতে নতুন চামগুৰি সত্ৰত চন্দ্ৰযান-৩ৰ সফলতা কামনা কৰি চাকি জ্বলাইছে। একেদৰে দক্ষিণপাট সত্ৰত নেদেখাজনৰ ওচৰত ভকত বৈষ্ণৱে প্ৰাৰ্থনা জনাইছে।

মাজুলীৰ ঐতিহাসিক সত্ৰ-নামঘৰত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে প্রাৰ্থনা
মণিপুৰৰ নিৰ্মীয়মাণ ৰে'লপথত ভয়ংকৰ পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in