কলাবাৰীত জ্ঞান ভাৰতী Tiny Toddlers নামেৰে শৈক্ষিক প্ৰতিষ্ঠান স্থাপন

আজি দিনৰ প্ৰায় ১১ বজাত শৈক্ষিক প্ৰতিষ্ঠানখনত অনুষ্ঠিত হয় এখন দ্বাৰ উন্মোচনী সভা

author-image
Asomiya Pratidin
New Update
কলাবাৰীত জ্ঞান ভাৰতী Tiny Toddlers নামেৰে শৈক্ষিক প্ৰতিষ্ঠান স্থাপন

ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰ নগৰৰ ইংৰাজী মাধ্যমৰ আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ আন এটা নতুন শৈক্ষিক শাখাৰ শুকুৰবাৰে আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰা হয়। গহপুৰ মহকুমাৰ অন্তৰ্গত কলাবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আটকধুনীয়াকৈ সজাই পৰাই তোলা শৈক্ষিক প্ৰতিষ্ঠান খনৰ নাম হৈছে "জ্ঞান ভাৰতী Tiny Toddlers"।

Advertisment

কণ কণ ছাত্ৰ-ছাত্ৰীক খেল-ধেমালি আৰু সংগীতৰ মাধ্যমেৰে শিক্ষাগ্ৰহণৰ প্ৰতি আকৰ্ষিত কৰাৰ এক মহৎ উদ্দেশ্যে আগত ৰাখি আজি আনুষ্ঠানিকভাৱে উক্ত শৈক্ষিক প্ৰতিষ্ঠানখনৰ দ্বাৰ মুকলি কৰা হয় । সেই উপলক্ষে আজি দিনৰ প্ৰায় ১১ বজাত শৈক্ষিক প্ৰতিষ্ঠানখনত অনুষ্ঠিত হয় এখন দ্বাৰ উন্মোচনী সভা।

কলাবাৰী এম ভি স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পদ্মেশ্বৰ হাজৰিকাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা সভাখনত সভাপতিত্ব কৰে ডুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেবেশ্বৰ বৰুৱাই। জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ পৰীক্ষা নিয়ন্ত্ৰক স্মিতা ৰাণী গোস্বামীয়ে আঁত ধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰি জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ অধ্যক্ষা জিলমিল বৰা তামুলীয়ে বিদ্যালয় খনৰ শৈক্ষিক যাত্ৰাৰ বিষয়ে বহলাই বাখ্যা কৰে।

তাৰোপৰি তেওঁ জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ নৱতম সংযোজন "জ্ঞান ভাৰতী Tiny Toddlers" ৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বুজাই কয়। খেল-ধেমালি আৰু সংগীতৰ মাধ্যমেৰে কণ কণ শিক্ষাৰ্থীক শিক্ষাগ্ৰহণৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ ক্ষেত্ৰত এই নতুন শৈক্ষিক প্ৰতিষ্ঠান খনে আন্তৰিকতাৰে শৈক্ষিক সেৱা আগবঢ়াই যাব বুলি আদৰণি ভাষণত উল্লেখ কৰে জিলমিল বৰা তামুলীয়ে।

এই শৈক্ষিক প্ৰতিষ্ঠানখনৰ শাখা নিৰীক্ষক হিচাপে দায়িত্বত থাকিব স্মিতা ৰাণী গোস্বামী।শৈক্ষিক প্ৰতিষ্ঠানখনত বিভিন্ন খেলা সামগ্ৰীৰ সৈতে এটা আকৰ্ষণীয় "প্লে-হাউচ"ৰ এটা কোঠা স্থাপন কৰা হৈছে। য'ত কণ কণ ছাত্র-ছাত্ৰী সকলে হাঁহি-ধেমালিৰ মাজত সময় অতিবাহিত কৰি শিক্ষা গ্ৰহন কৰিব পাৰিব।

এই "প্লে-হাউচ"ৰ কোঠাতো নাৰিকল ভাঙি আজিৰে পৰা কণ কণ ছাত্র-ছাত্ৰী সকলৰ বাবে আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰে জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ উপাধ্যক্ষা সুমিত্ৰা গোস্বামীয়ে। উক্ত দ্বাৰ উন্মোচনী সভাত ৰমেন শইকীয়া, অপূৰ্ব ফুকন, নাৰায়ণ ভূঞা, হিমেশ্বৰ ভূঞা, যুগল বৰা,টংকেশ্বৰ হাজৰিকা, ৰঞ্জিত শইকীয়া, ৰত্নকান্ত বৰা,মিনাৰাম পাঠককে ধৰি বৃহত্তৰ কলাবাৰী অঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই শিক্ষক গৌৰাংগ তামুলীয়ে।

Also Read: অসম-অৰুণাচল প্ৰদেশ সীমা সমস্যা সমাধানৰ বৈঠকত দুই ৰাজ্যৰ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মামা নাটুঙ

education