বেকাজান জাতীয় বিদ্যালয়ত পৰিৱেশ দিৱস উদযাপন : সজাগতা সমদল

বেকাজান জাতীয় বিদ্যালয়ত পৰিৱেশ দিৱস উদযাপন : সজাগতা সমদল

author-image
Asomiya Pratidin
New Update
বেকাজান জাতীয় বিদ্যালয়ত পৰিৱেশ দিৱস উদযাপন : সজাগতা সমদল

ডিজিটেল সংবাদ,বেকাজান : জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, বনাঞ্চল ধ্বংস আৰু জৈৱ বৈচিত্ৰ্য ক্ষয় আদি পৰিৱেশ বিষয়ৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি বুধবাৰে তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ জাতীয় শিক্ষানুষ্ঠান বেকাজান জাতীয় বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ।

Advertisment

এই উপলক্ষে বন্তি প্ৰজ্বলন কৰি পৰিবেশ দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰে জ্যেষ্ঠ শিক্ষয়িত্ৰী কৃষ্ণা শইকীয়াই। বিদ্যালয়ৰ অধ্যক্ষ মণ্টুচ্ কোঁৱৰে ২০২৪ চনৰ বিশ্ব পৰিবেশ দিৱসৰ মূল থিম ভূমি পুনৰুদ্ধাৰ, মৰুভূমিকৰণ আৰু খৰাং স্থিতিস্থাপকতা’ ওপৰত আলোকপাত কৰে।

তেঁও কয়- আমাৰ পৰিৱেশ তন্ত্ৰ-বন, জলাশয়, সাগৰ—জীৱনৰ বাবে অধিক গুৰুত্বপূৰ্ণ। অথচ মানুহৰ কাৰ্যকলাপৰ বাবে ধবংস হোৱাটো গভীৰ উদ্বেগৰ বিষয়। পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰ কৰাৰ অৰ্থ হ’ল গছ ৰোপণ কৰাতকৈও অধিক; ইয়াৰ লগত জড়িত হৈ আছে জীৱনটোক বৰ্তাই ৰখা প্ৰাকৃতিক প্ৰক্ৰিয়া আৰু সম্পৰ্কবোৰ পুনৰুজ্জীৱিত কৰা।

বৰ্তমান প্ৰদূষণৰ ভয়াৱহতা প্ৰতি লক্ষ্য ৰাখি পৰিবেশ সংৰক্ষণৰ আন্দোলনত যোগ দিবলৈ ছাত্র ছাত্ৰীসকল আহ্বান জনায় । বিদ্যালয়ৰ ছাত্ৰ বাস্তৱ কছাৰী, মন্দিৰা দত্ত আৰু প্ৰিয়াংশু গগৈয়ে পৰিবেশ সংৰক্ষণৰ ওপৰত একোটি কৈ কবিতা পাঠ কৰে।

আনহাতে পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি থলিতে লিখা চিত্ৰাঙ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পিছত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিবেশ সংৰক্ষণ সংকল্প লয়। লগতে হাতে হাতে প্লেকাৰ্ড লৈ পৰিবেশ সংৰক্ষণৰ সজাগতা সমদল উলিওৱা হয়।

Also Read: বিশ্বকাপত কোন হ'ব ভাৰতৰ উইকেট কীপাৰ বেটছমেন? পণ্ট, ছেমচনক লৈ দোমোজাত মেনেজমেণ্ট...

bekajan world environment day