/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/53af0b80-4f4b-4aa2-ab71-36e6975b790e/iwd.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি উদযাপিত হোৱা আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ফৰকাটিং মহাবিদ্যালয় শিক্ষক গোটৰ মহিলা কোষ আৰু অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থা, গোলাঘাট মণ্ডলৰ যৌথ উদ্যোগত মেৰাপানীৰ গমাৰিগুৰি নাইট কুইন নাৰ্চাৰী উদ্যমী স্বতাধিকাৰী গীতাঞ্জলী শইকীয়াক বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ ওপৰিও নাৰ্চাৰী খনৰ সৈতে জড়িত সকলো ব্যক্তিকো সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d6f36c86-09e9-4da7-b2ab-8e05ef6135d4/WhatsApp_Image_2023_03_09_at_7_06_16_AM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/28dfd8c1-46e9-4a83-a38c-9f93e6297724/WhatsApp_Image_2023_03_09_at_7_06_16_AM__1_.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/4c93db74-f467-4ba9-8cfe-06d1105cea98/WhatsApp_Image_2023_03_09_at_7_06_18_AM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/09ae5540-92ac-4c3d-8224-5d64c8e77759/WhatsApp_Image_2023_03_09_at_7_06_15_AM.jpeg)
উদ্যমী মহিলা গীতাঞ্জলী শইকীয়াই ছাত্ৰ-ছাত্ৰী সকলক কৰ্ম সংস্কৃতিৰ জৰিয়তে আত্মপ্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়। সম্বৰ্ধনা অনুষ্ঠানটিত আন্তৰ্জাতিক নাৰী দিৱসৰ তাৎপৰ্য বৰ্ণনা কৰে বুৰঞ্জী বিভাগৰ অধ্যাপিকা আৰু মহিলা কোষৰ সম্পাদিকা অভিশিখা বাইলুঙে। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মহিলা কোষৰ সভাপতি তথা মহাবিদ্যালয়ৰ উপাধ্যক্ষা ইন্দিৰা গগৈয়েও ভাষণ আগবঢ়ায়। গ্ৰন্থাগাৰিক গায়ত্ৰী বৰুৱাই নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি উল্লেখ কৰে যে, গীতাঞ্জলী শইকীয়াই কম বয়সতে কৰ্মসংস্কৃতিৰে আত্ম প্ৰতিষ্ঠাৰ নিৰ্দশন দাঙি ধৰি সেই অঞ্চলৰ বহু জনক প্ৰদান কৰিলে একোটা সংস্থাপনৰ ভেটি ।
শিক্ষাতত্ত্ব বিভাগৰ সহযোগী অধ্যাপিকা ড০ স্বৰ্ণপ্ৰভা নাথ আৰু অৰ্থনীতি বিভাগৰ অধ্যাপিকা দীপাঞ্জলী মুদৈয়ে অংশগ্ৰহণ কৰি নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।
Also Read: বানত উদ্ধাৰ হোৱা দুটা মাতৃহাৰা গঁড় পোৱালিৰ নয়নাভিৰাম দৃশ্য