/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/5e108be0-9ef6-4762-8ee1-fc6bd0db23ef/rhino_cub.jpg)
ডিজিটেল ডেস্ক : বানত উদ্ধাৰ হোৱা দুটা মাতৃহাৰা গঁড় পোৱালিৰ নয়নাভিৰাম দৃশ্য ৷ ২০২১ বৰ্ষৰ জুন জুলাই মাহত কাজিৰঙাত হোৱা প্ৰলয়ংকাৰী বানৰ সময়ত অত্যন্ত দুৰ্গম অঞ্চলৰ পৰা কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুন সংস্থাপন কেন্দ্ৰ কৰ্তৃপক্ষই উদ্ধাৰ কৰিছিল ২ টা কণমানি গঁড় পোৱালি ৷ কাজিৰঙাৰ CWRC কেন্দ্ৰটোৰ ভিতৰতে অসম গৌৰৱ এশিঙীয়া গঁড় পোৱালি কেইটাই এতিয়া নিজে বিচাৰি ঘাঁহ খোৱা আৰম্ভ কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/19a39445-56f8-4de3-9657-268e9b37a60e/WhatsApp_Image_2023_03_09_at_12_45_49_AM.jpeg)
কাজিৰঙাৰ বানৰ সময়ত মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা দুয়োটা গঁড় পোৱালিক মাতৃস্নেহ দিয়াৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে এই কেন্দ্ৰটোক চিকিৎসক কৰ্মচাৰীয়ে ৷ নিচেই কনমানিতে মাতৃস্নেহৰ পৰা বঞ্চিত এই দুৰ্ভগীয়া গঁড় পোৱালী কেইটা এতিয়া ঘৰচীয়া জন্তুৰ দৰে ডাঙৰ দীঘল হৈছে কেন্দ্ৰটিৰ চিকিৎসক আৰু কৰ্মচাৰীৰ আব্দাৰৰ মাজত ৷ বিশেষ ভাৱে প্ৰস্তুত কৰা গাখীৰ আৰু দানা, ঘাহেৰে প্ৰয়োজনীয় পুষ্টি প্ৰদান কৰা হৈছে পোৱালি কেইটাক ৷ কিছুদিনৰ পাছতে গঁড় পোৱালিকেইটাক মুকলি কৰি দিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷