অষ্টম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান...

অষ্টম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান সোমবাৰে সফলভাবে আয়োজন হৈ যায় ৰয়েল গ্ল’ৱেল বিশ্ববিদ্যালয়ত

author-image
Asomiya Pratidin
New Update
অষ্টম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান...

ৰাজ্যপালক সম্বৰ্ধনা

ডিজিটেল ডেস্কঃ অষ্টম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান সোমবাৰে সফলভাবে আয়োজন হৈ যায় ৰয়েল গ্ল’ৱেল বিশ্ববিদ্যালয়ত । "গণতান্ত্ৰিক কাৰ্যাৱলী আৰু গণতন্ত্ৰৰ নীতিসমূহৰ ব্যৱহাৰিক প্ৰয়োগে ভাৰতীয় গণতন্ত্ৰকসুদৃহ আৰু শক্তিশালী কৰি ৰাখিছে "। -

Advertisment

অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচন আৰু গুৱাহাটীস্থ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ উদ্যোগত অষ্টম সংখ্যক বাৰৰ বাবে আয়োজন কৰা অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বিশ্ববিদ্যালয়ৰ মূল বক্তব্য প্ৰদান কৰি দেশৰ প্ৰধানমন্ত্ৰী মোডীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সন্মানীয় সদস্য ড০ শমিকা ৰবিয়ে এইদৰে কয় ।

"এ চেকুলাৰ ডেমক্ৰেচী ইন প্ৰেক্টিচ" শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি বিশিষ্ট অৰ্থনীতিবিদ ড০ সমিকা ৰবিয়ে কয় যে, ভাৰতৰ দৰে এৰ বৃহৎ গণতন্ত্ৰ আৰু সামাজিক সংস্কৃতিক-ভাষিক-ধৰ্মীয় বিচিত্ৰতাৰে পৰিপূৰ্ণ এখন ,বিশাল দেশৰ গণতান্ত্ৰিক কাৰ্যকাৰিতাৰ প্ৰকৃত মূল্যায়ন কৰাটো অত্যন্ত জটিল আৰু কঠিন যদিও দেশখনত গণতান্ত্ৰিক নীতি-আদৰ্শসমূহৰ ৰূপায়ণৰ সমান্তৰালভাৱে অৰ্থনৈতিকভাবে দুৰ্বল, সামাজিকভাবে পিছ পৰা বা সমাজৰ গুৰুত্বহীন শ্ৰেণীটোৰ আশা পূৰণ আৰু সন্তুষ্টিৰ ওপৰতহে আচলতে গণতন্তৰ্ৰ ফলপ্ৰসূতা নিৰ্ভৰ কৰে বুলি উল্লেখ কৰে ।

দেশৰ আগশাৰীৰ অৰ্থনীতিবিদগৰাকীয়ে কয় যে, ভাৰতীয় গণতন্ত্ৰক আৰু অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ হ’লে সমাজৰ দুৰ্বল অথবা পিছপৰা শ্ৰেণীৰ জনসাধাৰণৰ মত প্ৰতিষ্টা অথবা তেওঁলোকৰ আকাংক্ষা পূৰণৰ ব্যৱস্থা কৰিবই লাগিব ৷

অৰ্থনীতিবিদ শমিকা ৰবি
অৰ্থনীতিবিদ শমিকা ৰবি

দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰা 'পলিচী এৱ চেচুৰেচন' অথবা 'সংপৃক্তকৰণ নীতি'ৰ জৰিয়তে দেশত সকলো ধরণৰ বৈষম্য আরু দুনীৰ্তি নিমূলকৰণেৰে সমাজৰ অনুজসকলৰ কিচুমান মৌলিক প্ৰয়াস যেনে, খাদ্য, বিশুদ্ধ খোৱাপানী, শৌচাগাৰ, বিদ্যুৎ, ৰন্ধন গেছ, বেংক একাউন্ট, ম’বাইল ফ’ন আদিৰ সুবিধা প্ৰদানেৰে ভাৰতীয় গনতন্ত্ৰক শক্তিশালী কৰি তোলাৰ লগতে ভাৰতীয় গণতন্ত্ৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ পৰিস্ফুট কৰিছে বুলিও চিন্তাশীল লেখক-অৰ্থনীতিবিদ শবিকা ৰবিয়ে মন্তব্য কৰে ৷

ড০ শমিকা ৰবিয়ে অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ আন্তৰিক প্ৰয়াসৰ সলাগ লোৱাৰ লগতে যশস্বী শিক্ষাবিদ-লেখকগৰাকীৰ জীৱন, কৰ্ম আৰু আদৰ্শৰাজিক নতুন চামৰ মাজত প্ৰতিষ্ঠা আৰু জনপ্ৰিয় কৰি তোলাত গুৰুত্ব আৰোপ কৰে ৷

উল্লেখযোগ্য যে, অধ্যোপক শৰৎ মহন্ত ফাউণ্ডেচনৰ সচিব তথা অ’ পি জিন্দাল গ্ৰ’বেল বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড০ উপানন মহন্তই আঁত ধৰা উক্ত বক্তৃতানুষ্ঠানটি মাংগলিক বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অসমৰ সন্মানীয় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ।

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সন্মানীয় সদস্য ড০ শমিকা ৰবি আৰু অধ্যাপক শৰৎ মহন্তৰ সহধৰ্মিনী মীনা মহন্তই ৷

মাংগলিক বাদ্যবাদনৰ গাম্ভীৰ্যতাৰ এফাঁকি প্ৰাৰ্থনাৰে অনুষ্ঠানটি আগবঢাই নিয়ে অসমৰ এগৰাকী প্ৰতিস্থিত গায়িকা বিৰিণা পাঠকে । অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধনী কৰে অসমৰ সন্মানীয় ৰাজ্যপাল গুলীব চান্দ কাটাৰীয়াই ।

সম্বৰ্ধনা
সম্বৰ্ধনা

উদ্বোধনী ভাষণ প্ৰসংগত ৰাজ্যপাল কাটাৰীয়াই অধ্যাপক শৰৎ মহন্ত একাধাৰে এজন শিক্ষাবিদ, সাংবাদিক, চিন্তাশীল লেখক, সমাজকৰ্মী আৰু মানৱ অদিকাৰৰ ধাৰণা বিকাশৰ এগৰাকী অগ্ৰণী প্ৰৱক্তা বুলি অভিহিত কৰাৰ লগতে তেখেতৰ জীৱন, কৰ্ম আৰু আদৰ্শ নতুন বাীবে সদায়েই এক অনুপ্ৰেৰণাৰ উৎস বুলি মন্তব্য কৰে ।

অধ্যোপক শৰৎ মহন্ত ফাউণ্ডেচনে প্ৰতি বছৰে গুৱাহাটীৰ ৰৱেল গ্ল’ৱেল বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰি এহা বক্তৃত্বানুষ্ঠানসমূহে আৰ্থ সামাজিক তথা শৈক্ষিক বৌদ্ধিক ক্ষেত্ৰসমূহত নতুন চিন্তা-চৰ্চাৰ বাট মুকলি কৰিছে বুলিও ৰাজ্যপাল কাটাৰীয়াই মন্চব্য কৰে ।

ৰাজ্যপালগৰকীয়ে অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ নিৰৱচ্ছিন্ন বৌদ্ধিক প্ৰয়াসক শলাগ লোৱাৰ লগতে অনে ধৰণৰ চিন্তা উদ্বেগকাৰী বক্তৃতানুষ্ঠানে নতুন ধাৰণা, নতুন দৃষ্টিভংগী গঠনৰ সোপান ৰচনা কৰিব বুলিও আশা ব্যক্ত কৰে ।

অধ্যাপত শৰৎ মহন্তৰ সহধৰ্মিনী মীনা মহন্ত ৰয়েল গ্ল’ৱেল ইনষ্টিটিউচনৰ সঞ্চালক সংকুৰ পানচাৰী আৰু গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই সমল ব্যক্তি তথা অভ্যাগতসকলক আনুষ্ঠিনিক আদৰণি জনায় ।

প্ৰণিধানযোগ্য যে, মূল বক্তৃতানুষ্ঠানৰ সৈতে সংগতি ৰাখি মুখ্য বক্তা ড০ সমিকা ৰবিৰ সৈতে হোৱা বিষয়নিষ্ট আলোচনা আৰু সুধীবিন্দৰ প্ৰশ্নত্তোৰ অনুষ্ঠানে বক্তৃতানুষ্ঠানটিক অন্য অক মাত্ৰা প্ৰদান কৰে ।

উল্লেখ্য যে, অনুষ্ঠানটিত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা, অসম আৰক্ষী সঞ্চালক প্ৰদান জি পি সিং, সাংসদ কুইন ওজা আৰু পৱিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননী গোপাল মহন্ত, বিধায়কদ্বয় দিগন্ত কলিতা আৰু ৰেকিবুদ্দিন আহমেদকে প্ৰমুখ্য কৰি অসম চৰকাৰৰ শীৰ্ষস্থানীয় আমোলা-বিষয়া, তথা অসমৰ সমাজ জীৱনৰে একান্তভাবে জড়িত যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Also Read: চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত মাদকদ্ৰব্য বিৰোধী সজাগতামূলক সভা...

royal global university sarat mahanta