বিশ্ব শান্তি কামনাৰে নমাটি যুৰীয়া নামঘৰত ভাগৱত পাঠৰ সামৰণি

সোমবাৰে ১০ এপ্ৰিলৰ নিশা অঞ্চলৰ মহিলাসকলৰ দ্বাৰা মঞ্চস্থ হ'ব অসমীয়া ভাওনা "চিত্রাংগদ ৰজাৰ ধৰ্ম পৰীক্ষা"

author-image
Asomiya Pratidin
New Update
বিশ্ব শান্তি কামনাৰে নমাটি যুৰীয়া নামঘৰত ভাগৱত পাঠৰ সামৰণি

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বিশ্ব শান্তিৰ কামনা কৰি নমাটি সাৰ্বজনীন যুৰীয়া নামঘৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত ভাগৱত পাঠৰ দেওবাৰে সামৰণি পৰে। ৭ এপ্ৰিলৰ পৰা ৯ এপ্ৰিললৈ অবিৰতভাৱে মহাভাগৱত পাঠৰ অন্তত আজি পুৱা ১০ বজাত সমূহীয়া কৃপা প্ৰাৰ্থনাৰে সামৰণি কৰা হয়।

Advertisment

ইয়াৰ পাছতে শিশুৰ পৰা বয়োজেষ্ঠ সকলোৰে উপস্থিতিত সত্রীয়া কৃষ্টি প্ৰদৰ্শনেৰে নমাটি অঞ্চল ভাগৱত শোভাযাত্রা কৰা হয় । এই ভাগৱত শোভাযাত্রা উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী ৰাজীৱ দত্তই।

সোমবাৰে ১০ এপ্ৰিলৰ নিশা অঞ্চলৰ মহিলাসকলৰ দ্বাৰা মঞ্চস্থ হ'ব অসমীয়া ভাওনা "চিত্রাংগদ ৰজাৰ ধৰ্ম পৰীক্ষা"।

Also Read: ৰহমৰীয়াত ছয়দিনীয়া সজাগতা শিবিৰ লাহোৱাল মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ...

Bhagwat naamghar