ৰহমৰীয়াত ছয়দিনীয়া সজাগতা শিবিৰ লাহোৱাল মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ...

লাহোৱাল মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ উদ্যোগত ৰহমৰীয়া জ্ঞানোদয় মধ্য ইংৰাজী বিদ্যালয়ত ছদিনীয়া সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়
সজাগতা শিবিৰ
সজাগতা শিবিৰ

ডিজিটেল সংবাদ, লাহোৱালঃ লাহোৱাল মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ উদ্যোগত ৰহমৰীয়া জ্ঞানোদয় মধ্য ইংৰাজী বিদ্যালয়ত ছদিনীয়া সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয় । শৈক্ষিক, স্বাস্থ্য আৰু অনাময় লগতে আৰ্থ সামাজিক সমস্যাৰ সন্দৰ্ভত এই শিবিৰ অনুষ্ঠিত কৰা হয় ।

৬৫ জনীয়া লাহোৱাল মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে ৪ জনকৈ মহাবিদ্যালয়ৰ শিক্ষকে তত্বাৱধায়ক হিচাপে অংশগ্ৰহণ কৰে । তত্বাৱধায়ক কেইগৰাকীয়ে ৰহমৰীয়াত থাকি সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ লগত মত বিনিময় কৰে ।

ছদিনীয়া সজাগতা শিবিৰ
ছদিনীয়া সজাগতা শিবিৰ

লগতে উক্ত শিৱিৰৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক পাঠদান কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । মহাবিদ্যালয়ৰ NSS গোটৰ সদস্য সকলে নিজ ৰহমৰীয়া আৰু গেনীচুক দুয়োখন গাঁৱৰে ঘৰে ঘৰে গৈ জৰীপ কাৰ্য সমাপন কৰে ।

ছদিনীয়াকৈ অনুষ্ঠিত হোৱা শিৱিৰৰ অনুষ্ঠান বিদ্যালয়ৰ প্ৰাংগনত এখনি সজাগতা সভাৰে শনিবাৰে অন্ত পৰে । উক্ত সভাত লাহোৱাল মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ দত্ত উপস্থিত থাকে ।

সজাগতা শিবিৰ
বান্দিপুৰ ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পত নতুন ৰূপত প্ৰধানমন্ত্ৰী মোডী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in