প্ৰসংগ এনকাউণ্টাৰঃ চৰকাৰে ন্যায়ালয় আৰু বিধানসভাত দিয়া তথ্যৰ নাই মিল

প্ৰসংগ এনকাউণ্টাৰঃ চৰকাৰে ন্যায়ালয় আৰু বিধানসভাত দিয়া তথ্যৰ নাই মিল
প্ৰসংগ এনকাউণ্টাৰঃ চৰকাৰে ন্যায়ালয় আৰু বিধানসভাত দিয়া তথ্যৰ নাই মিল

ডিজিটেল ডেস্কঃ ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গৃহ বিভাগে বিধানসভাত দিয়া তথ্য আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত দিয়া তথ্যৰ মাজত নাই সাদৃশ্য। বিধায়ক অখৈল গগৈৰ এক প্ৰশ্নৰ উত্তৰত অসম বিধানসভাত গৃহ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ পীযুষ হাজৰীকাই জনাইছে ২০২১ চনৰ পৰা আজিৰ তাৰিখলৈ এনকাউণ্টাৰত ৩৪ জনকৈ লোকৰ মৃত্যু হৈছে।

কিন্তু আশ্চৰ্যজনকভাৱে অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ক ২০২২ ৰ আগষ্টত দিয়া তথ্য অনুসৰি ৰাজ্যত ৫৬ জন লোকৰ মৃত্যু হৈছে। এই অভিযোগ বিধায়ক অখিল গগৈৰ।

উল্লেখ্য যে, বিধায়ক অখিল গগৈয়ে গৃহ বিভাগৰ মন্ত্ৰীক উদ্দেশ্যি প্ৰশ্ন কৰিছিল- ১০ মে' ২০২১ ৰ পৰা এই প্ৰশ্নৰ উত্তৰ দিয়া তাৰিখলৈকে অসমত কিমানজন অভিযুক্তই পুলিচৰ জিম্মাত মৃত্যুবৰণ কৰিছে অথবা আঘাতপ্ৰাপ্ত হৈছে ? এনে প্ৰতিটো ঘটনাৰ ওপৰত এজাহাৰ দাখিল কৰা আৰু দণ্ডাধীশৰ তদন্ত কৰা হৈছেনে?

এই প্ৰশ্নৰ লিখিত উত্তৰত গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই জনাইছে, ১০ মে' ২০২১ চনৰ পৰা ৩১-০১-২০২৪ তাৰিখলৈ অসমত ৩৪ জন অভিযুক্তই পুলিচৰ জিম্মাত মৃত্যুবৰণ কৰিছে আৰু ১৩১ জন আঘাতপ্ৰাপ্ত হৈছে। এনে প্ৰতিটো ঘটনাৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছে যদিও এনে প্ৰতিটো ঘটনাৰ দণ্ডাধীশৰ তদন্ত কৰা হোৱা নাই।

বিধায়ক গগৈৰ আন এক প্ৰশ্ন আছিল পুলিচৰ জিম্মাত আঘাতপ্ৰাপ্ত হোৱা অথবা মৃত্যুবৰণ কৰা এনে প্ৰতিটো ঘটনাৰ মেজিষ্ট্ৰেট এনকুৱাৰী ঘোষণা কৰা হৈছেনে? কিমানটা ঘটনাৰ তদন্ত ঘোষণা কৰা হ'ল, কিমানটাত কৰা নহ'ল?

এই প্ৰশ্নৰ উত্তৰত জনাই যে, পুলিচৰ জিম্মাত আঘাতপ্ৰাপ্ত হোৱা অথবা মৃত্যুবৰণ কৰা এনে প্ৰতিটো ঘটনাৰ দণ্ডাধীশৰ অনুসন্ধান ঘোষণা কৰা হোৱা নাই। ৯৭ টা ঘটনাৰ দণ্ডাধীশ তদন্তত ঘোষণা কৰা হ'ল আৰু ৬০টা কৰা হোৱা নাই। ইয়াৰোপৰি অসমত এতিয়ালৈকে কোনো ভুৱা এনকাউণ্টাৰ হোৱা নাই বুলিও তথ্য দাখিল কৰিছে গৃহ বিভাগৰ মন্ত্ৰীৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰীকাই।

এই উত্তৰ লাভ কৰাৰ পাছতে এতিয়া অখিল গগৈয়ে অভিযোগ কৰি কৈছে, ২০২২ চনৰ আগষ্ট মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ত অসম চৰকাৰে দাখিল কৰা শপতনামাত উল্লেখ কৰা হৈছিল ৰাজ্যত এনকাউণ্টাৰত ৫৬ জন লোকৰ মৃত্যু হৈছে আৰু ১৭১ জন আঘাতপ্ৰাপ্ত হৈছে। ইয়াৰোপৰি বিধায়ক গগৈৰ মতে অসমত ২০২১ ৰ ১০ মে'ৰ পৰা এতিয়ালৈকে৮৩ জন লোকৰ এনকাউণ্টাৰত মৃত্যু হৈছে।

গগৈয়ে কয় আৰক্ষী জিম্মাত আঘাতপ্ৰাপ্ত অথবা মৃত্যুবৰণ কৰা প্ৰতিটো ঘটনাৰ চি আৰ পি চিৰ ছেকচন ১৭৪/১৭৫/১৭৬ অনুসৰি দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ'ব লাগে। পি ইউ চি এল বনাম ষ্টেট অৱ মহাৰাষ্ট্ৰ গোচৰত উচ্চতম ন্যায়ালয়ে ২০১৪ ত দিয়া এক নিৰ্দেশনাত এনে ঘটনাৰ বাবে মুঠ ১৬ টা গাইডলাইন আছে। তাৰ পাছতো এনে ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা নকৰা বিষয়টোক সমালোচনা কৰিছে বিধায়ক অখিল গগৈয়ে।

প্ৰসংগ এনকাউণ্টাৰঃ চৰকাৰে ন্যায়ালয় আৰু বিধানসভাত দিয়া তথ্যৰ নাই মিল
ঘৰত বিয়াঃ অন্তৱৰ্তীকালীন জামিন পালে মনিষ চিছোদিয়াই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in