বিশ্বাসঘাটক কৰ্মচাৰী : স্বত্বাধিকাৰীয়ে হেৰুৱালে ডেৰ কোটি টকা

বিশ্বাসঘাটক কৰ্মচাৰী : স্বত্বাধিকাৰীয়ে হেৰুৱালে ডেৰ কোটি টকা

ডিজিটেল সংবাদ, ছয়দুৱাৰ: সন্তানৰ দৰে কৰ্মচাৰীক অধিক মৰম আৰু বিশ্বাস কৰি আঢ়ৈ বছৰৰ ভিতৰত ডেৰ কোটি টকা হেৰুৱাই এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে গহপুৰ নগৰৰ এগৰাকী যুৱ ব্যৱসায়ীয়ে। নাম তেওঁৰ দিগন্ত বৰমূদৈ। গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গহপুৰ নগৰৰ ধেনুধৰা নিবাসী দিগন্ত বৰমূদৈৰ গহপুৰ নগৰত আছে "অগ্নিভ কম্পিউটেক" নামৰ এখন বহু প্ৰতিষ্ঠিত ম'বাইল ফোন বিক্ৰীৰ প্ৰতিষ্ঠান।

গহপুৰ নগৰত ম'বাইল ফোনৰ বিপনী বুলিলেই বহুতেই অগ্নিভ কম্পিউটেককেই জানে। কিন্তু উক্ত ব্যাৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত একাংশ বিশ্বাসঘাটক কৰ্মচাৰীয়ে প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী দিগন্ত বৰমূদৈৰ চিকিৎসাজনিত আৰু ঘৰুৱা সমস্যাৰ সুযোগ গ্ৰহণ কৰি মাত্ৰ আঢ়ৈ বছৰৰ ভিতৰত মুঠ ডেৰ কোটি টকা হজম কৰি কম দিনতে উক্ত কৰ্মচাৰী সকল হৈ পৰিল অগাধ সম্পত্তিৰ গৰাকী।

জানিব পৰা মতে, দিগন্ত বৰমূদৈয়ে ২০২১ চনৰ ডিচেম্বৰ মাহত অগ্নিভ কম্পিউটেকৰ নামত ভাৰতীয় ষ্টেট বেংক বালিজান শাখাৰ পৰা লোন লৈছিল ৩০ লাখ ৫০ হাজাৰ টকা। সেই একেটা সময়তে তেওঁ উক্ত বেংক শাখাৰ পৰা শিৱাংশু ইলেকট্ৰনিকছৰ নামত লোন লয় ২৪ লাখ ৫০ হাজাৰ টকা। উক্ত লোনৰ মুঠ ৫৫ লাখ টকাৰে অগ্নিভ কম্পিউটেকত বিভিন্ন ব্ৰেণ্ডৰ নামী দামী ম'বাইল ফোন ভৰাইছিল তেওঁ। ইয়াৰ পিছতে তেওঁ ২০২২ চনৰ জানুৱাৰী মাহত ক'ভিডত আক্ৰান্ত হৈ দীঘলীয়া চিকিৎসাৰ বাবে ৩মাহ ঘৰত বন্দী হৈ থাকিবলগীয়া হোৱাৰ পিছৰে পৰা কেইজনমান কৰ্মচাৰীৰ নেতৃত্বত আৰম্ভ হয় মালিকক ঠগি ভুৱা হিচাপেৰে ধন ঘটাৰ এখন অসুস্থ প্ৰতিযোগিতা।

যিহেতু দিগন্ত বৰমূদৈ দীৰ্ঘ সময় ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হ'ল সেইবাবে তেওঁ দোকানৰ ষ্ট'ক আৰু বিক্ৰীৰ হিচাপ টেলী কৰি চাব নোৱাৰা হ'ল। কৰ্মচাৰীয়ে কোৱা কথাকে বিশ্বাসত লৈ অগ্নিভ কম্পিউটেকত ম'বাইল ফোনৰ চাহিদা পূৰাবলৈ দিগন্ত বৰমূদৈয়ে ২০২২ চনৰ মে' মাহত "মিনটিফি" নামৰ এটা কোম্পানীৰ পৰা পুনৰ ২৫ লাখ টকাৰ লোন লয়। সেই লোনৰ টকাৰেও দোকানত ম'বাইল ফোন ভৰাই তেওঁ।

কৰ্মচাৰীক মৰম আৰু বিশ্বাস কৰি নিজৰ বিভিন্ন সমস্যাৰ বাবে দোকানৰ সমস্ত দায়িত্ব কৰ্মচাৰীৰ ওপৰতে এৰি দিবলৈ বাধ্য হোৱা দিগন্ত বৰমূদৈৰ সন্মুখলৈ অহা বিভিন্ন দুৰ্য্যোগপূৰ্ণ পৰিস্থিতিৰ সুযোগ লৈ একাংশ কৰ্মচাৰীয়ে ম'বাইল বিক্ৰীৰ নামত গঢ়ি তুলিলে লুণ্ঠনৰ এখন মুকলি বজাৰ। ইপিনে ২০২২ চনৰ জুলাই মাহত মাতৃৰ দুৰ্ঘটনা, ডিচেম্বৰ মাহত পিতৃৰ দুৰ্ঘটনা আৰু ২০২৩ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত পিতৃৰ মৃত্যু, ২০২৩ চনৰ মে' মাহত দিল্লীত তেওঁৰ চিকিৎসা গ্ৰহণ আৰু পৰবৰ্তী সময়ত চিকিৎসা গ্ৰহণৰ বাবে দীঘলীয়া সময় মুম্বাইত থাকিবলগীয়া হোৱাৰ বাবে দোকানৰ হিচাপ চাব পৰা নাছিল দিগন্ত বৰমূদৈয়ে।

ইপিনে ২০২২ চনৰ চেপ্তেম্বৰ মাহত "মিনটিফি" নামৰ কোম্পানীটোৰ পৰা লোৱা ৭০ লাখ টকাৰ লোনৰ ধনেৰেও তেওঁ ম'বাইল ফোন ভৰাইছিল নিজৰ অগ্নিভ কম্পিউটেকত। ব্যক্তিগত চিকিৎসাজনিত আৰু ঘৰুৱা সমস্যা সমূহৰ পৰা তেওঁ সামান্য পৰিমাণে সকাহ পোৱাৰ পিছত চলিত বৰ্ষৰ যোৱা চেপ্তেম্বৰ মাহত দোকানত প্ৰৱেশ কৰি দোকানৰ হিচাপ দেখি মূৰে কপালে হাত দিবলগীয়া হয় তেওঁ। যাৰ বাবে ইয়াৰ এক ন্যায় বিচাৰি গহপুৰ আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয় দিগন্ত বৰমূদৈ।

অগ্নিভ কম্পিউটেক আৰু শিৱাংশু ইলেকট্ৰনিকছৰ নামত লোন লোৱাৰ ডেৰ কোটি টকাৰ মবাইল আৰু ৰিছাৰ্জ বিক্ৰীত ভয়াবহ কেলেংকাৰী সংঘটিত কৰি কম দিনতে অগাধ সম্পত্তিৰ গৰাকী হোৱা কৰ্মচাৰী মুনমী বৰা(৩৩,ছত্ৰং পাৰ) আৰু প্ৰদীপ ভূঞা(৩৪,ধেনুধৰা)ৰ বিৰুদ্ধে দিগন্ত বৰমূদৈয়ে গহপুৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত(গোচৰ নং ১৯৭/২৩) দুয়োকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছত প্ৰদীপ ভূঞা জামিন লৈ ঘৰলৈ আহিল যদিও মুনমী বৰা এতিয়াও জেলৰ ভাত খাই আছে।

ইপিনে উক্ত গোচৰৰ ভিত্তিত আন এগৰাকী কৰ্মচাৰী বালিজানৰ পিঙ্কী বৰা(৩২)ক কালি গহপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি জেললৈ প্ৰেৰণ কৰিছে।অভিযোগ অনুসৰি-ৰিছাৰ্জৰ নামতে তেওঁলোকে ৫০ লাখ টকাৰ কেলেংকাৰী সংঘটিত কৰাতো ধৰা পেলাইছে দিগন্ত বৰমূদৈয়ে।উল্লেখযোগ্য-অগ্নিভ কম্পিউটেকত কাম কৰাৰ বিনিময়ত মাহে ১২,৩০০ টকাকৈ দৰমহা পোৱা মুনমী বৰাই মাহে ৰেকাৰিঙত ১৮ হাজাৰ টকা আৰু পিঙ্কী বৰাই জমা কৰে ২০ হাজাৰ টকা।

তদুপৰি মুনমী বৰাই যোৱা এবছৰৰ ভিতৰত মাগনীত মাটি কিনি সাজি উলিয়াইছে আঠটা কোঠালীৰ এটা অসম আৰ্হিৰ ঘৰ।যিটো ঘৰৰ নিৰ্মাণ ব্যয় ২৫/৩০ লাখৰ কম নহ'ব। একেদৰে পিঙ্কী বৰাই এক-ডেৰ বছৰৰ ভিতৰত গহপুৰ নগৰত খুলিলে দুখনকৈ মবাইল ফোনৰ দোকান।আৰক্ষীৰ তদন্তৰ আওতালৈ অহাৰ বাবে পথ প্ৰশস্ত হৈ থকা মাহে ৯ হাজাৰ টকাৰ দৰমহা পোৱা আন এগৰাকী কৰ্মচাৰী ৰিপুন বৰুৱাইয়ো গোটৰ বজাৰত খুলিলে এখন মবাইল ফোনৰ দোকান।জানিব পৰা মতে-মুনমী বৰা আৰু পিঙ্কী বৰাই ৰিছাৰ্জ বিক্ৰীত কেলেংকাৰী সংঘটিত কৰাৰ কথা দিগন্ত বৰমূদৈৰ আগত স্বীকাৰ কৰি প্ৰথম পৰ্য্যায়ত মুনমী বৰাই ৮০ হাজাৰ টকা বৰমূদৈক ঘূৰাই দিছে।

পিঙ্কী বৰাইও কেলেংকাৰীৰ ধন ঘূৰাই দিয়াৰ কথা আছিল যদিও পিছলৈ তেওঁ দোকানলৈ নহাৰ পিছত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ জেললৈ যাবলগীয়া হয়।উল্লেখযোগ্য যে দিগন্ত বৰমূদৈয়ে তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানত মুঠ ৩৬ গৰাকী অসমীয়া যুৱক যুৱতীক কৰ্তসংস্থাপন দিছিল।কিন্তু শেহতীয়া তেওঁৰ সন্মুখত দেখা দিয়া অৰ্থনৈতিক মহা সংকটৰ বাবে কৰ্মচাৰীৰ সংখ্যা ২০ জনলৈ কমাবলগীয়া হৈছে।

নিজে কাম কৰা ব্যাৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী গৰাকীৰ দুৰ্যোগ আৰু সমস্যাৰ সুযোগ লৈ মবাইল ফোন আৰু ৰিছাৰ্জ বিক্ৰীৰ নামত ভয়াবহ কেলেংকাৰী সংঘটিত কৰা উক্ত ধুৰন্ধৰ কৰ্মচাৰী সকলে দৃষ্টান্ত মূলক শাস্তি পোৱাৰ কামনা কৰিছে গহপুৰ নগৰবাসী ৰাইজে।মবাইল ফোনৰ আই এম ই আই নম্বৰৰ আধাৰত অতি সোনকালে সকলো কেলেংকাৰী ফাদিল হ'ব বুলি জানিবলৈ দিছে দিগন্ত বৰমূদৈয়ে।

বিশ্বাসঘাটক কৰ্মচাৰী : স্বত্বাধিকাৰীয়ে হেৰুৱালে ডেৰ কোটি টকা
'ৰাজেন ফুকন ফুটবল প্ৰতিযোগিতা'ত দীঘলী চাহ বাগিচা চূড়ান্ত বিজয়ী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in