বিশিষ্ট কবি, বয়োজ্যেষ্ঠ সাংবাদিক নগেন কোঞৰ চিকিৎসাধীন, আশু আৰোগ্য কামনা...

বিশিষ্ট কবি, বয়োজ্যেষ্ঠ সাংবাদিক নগেন কোঞৰ চিকিৎসাধীন, আশু আৰোগ্য কামনা...

author-image
Dimpul Borgohain
New Update
বিশিষ্ট কবি, বয়োজ্যেষ্ঠ সাংবাদিক নগেন কোঞৰ চিকিৎসাধীন, আশু আৰোগ্য কামনা...

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ নগৰৰ চতিয়াচুক নিবাসী তথা বিশিষ্ট কবি, সাহিত্যিক, বয়োজ্যেষ্ঠ সাংবাদিক নগেন কোঞৰ (৮৩) যোৱা পাঁচ দিন ধৰি চিকিৎসাধীন হৈ আছে। বাৰ্ধক্যজনিত একাধিক ৰোগত আক্ৰান্ত সাহিত্যিক গৰাকী গুৱাহাটীৰ জি এন আৰ চি, ছয়মাইলত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে কেইবাটাও ৰোগত আক্রান্ত বিশিষ্ট কবি -সাহিত্যিক গৰাকীৰ ২০১২ চনত দিল্লীৰ গংগা ৰাম হাস্পতাল, ২০১৪ আৰু ২০১৯ চনত গুৱাহাটীৰ ডাউন টাউন হাস্পতালত কিডনী, হাৰ্টৰ চাৰিটা জটিল অপাৰেচন সম্পন্ন কৰা হৈছিল।

Advertisment

এগৰাকী ব্যতিক্রমী চিন্তাধাৰাৰ কবি, সাহিত্যিক, সাংবাদিক তথা নিৰৱ সমাজসেৱক নগেন কোঞৰে ৬০ দশকৰ পৰা নিৰৱচ্ছিন্নভাৱে সাংবাদিকতা আৰু সাহিত্য চৰ্চা কৰি আহিছে। ইতিমধ্যে নগেন কোঞৰৰ আঠখন গ্ৰন্থ প্ৰকাশ পাইছে। কোঞৰে ১৯৬৮ চনৰ পৰা অসম বাতৰি, মহাজাতি, ইস্তাহাৰ, তিনিদিনীয়া বাতৰি, ৰাষ্ট্রীয় বাতৰি, অনুসন্ধান, দৈনিক অসম, নতুন দৈনিক, দৈনিক জনমভূমি, নতুন দিন আদি কাকতত সাংবাদিকতা কৰাৰ উপৰিও অধানালুপ্ত "গহপুৰ সংবাদ" ৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰিছিল।

নতুন প্রজন্মৰ কবি- সাহিত্যিক তথা সাংবাদসেৱী সকলক উৎসাহিত কৰিবলৈ তেখেতে বৰ্তমান ৮৩ বছৰ বয়সতো লেখা- মেলা অব্যাহত ৰাখিছে। বয়োজ্যেষ্ঠ কবি গৰাকীয়ে নিজা প্ৰচেষ্টাৰে ৰাজ্য খনৰ নবীন- প্ৰবীণ কবি সকলৰ একাধিক কবিতা সংকলন সম্পাদনা কৰি প্ৰকাশ কৰি আহিছে। গহপুৰৰ সাহিত্যৰ ক্ষেত্রখনলৈও তেখেতৰ অৱদান অনস্বীকার্য।

প্ৰায় ছয়টা দশক ধৰি সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰ খনলৈ নিৰলস ভাবে সেৱা আগবঢ়াই অহা নগেন কোঞৰৰ অসুস্থতাৰ খবৰে চিন্তিত কৰি তুলিছে গহপুৰৰ সাহিত্যানুৰাগী ৰাইজ আৰু সংবাদসেৱী সকলক। বয়োজ্যেষ্ঠ কবি, সাংবাদিক গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে গহপুৰ কবি কানন, গহপুৰ শাখা লেখিকা সমাৰোহ সমিতি, গহপুৰ শাখা নাট্য সন্মিলন, গহপুৰ জিলা সাংবাদিক সন্থা, গহপুৰ মহকুমা প্ৰেছ গীল্ডসহ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগতে গহপুৰ মহকুমাৰ সাহিত্যানুৰাগী ৰাইজে।

Also Read: কংগ্ৰেছে ৬ নং দফা সন্দৰ্ভত কোনো কথা কোৱাৰ নৈতিক অধিকাৰ নাই...

নগেন কোঞৰ