/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/ux0oc0fq/olo.jpg)
ডিজিটেল সংবাদ বৰপেটাঃ " কংগ্ৰেছে ছয় নং দফা সন্দৰ্ভত কোনো কথা কোৱাৰ নৈতিক অধিকাৰ নাই। ছয় নং দফা সন্দৰ্ভত কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই যি বোৰ কথা কৈছে সেইবোৰ সত্য নহয় ৷ন্যায়াধীশ বিল্পৱ শৰ্মা আয়োগৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন ৰাজ্যৰ ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে মানি লৈছে " সংবাদ মাধ্যমৰ আগত আজি বৰপেটাত এনেদৰে মন্তব্য কৰে ৰাজ্যৰ কেবিনেট তথা বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷
বৰপেটাত বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ সভাত অংশগ্রহণ কৰি কংগ্ৰেছৰ প্ৰতি আক্ৰমনাত্মক মন্তব্য কৰে বৰপেটাৰ অভিভাবক মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে । বৰপেটা জিলা বিজেপিৰ কাৰ্যালয়ত ভবানীপুৰৰ বিধায়ক ফনীধৰ তালুকদাৰৰ সৈতে সদস্যতা অভিযান সভাত অংশ লৈ ৬ নং দফাক লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰে। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ প্ৰতিটো দফা আমাৰ চৰকাৰে মানি লৈছে। কেবল উচ্চ সদন গঠনৰ বাবে দিয়া পৰামৰ্শ আমাৰ চৰকাৰে কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে।
কাৰণ কেন্দ্ৰীয় চৰকাৰে সংবিধান সংশোধন কৰিহে উচ্চ সদন গঠন কৰিব লাগিব । ৬ নং দফা সন্দৰ্ভত সদৌ অসম ছাত্র সন্থা আৰু গণ সংগ্রাম পৰিষদে কিবা ক'লে তাৰ যুক্তি থাকিব পাৰে । কিন্তু কংগ্ৰেছে এই কথা কোৱাৰ কোনো নৈতিক অধিকাৰ নাই। কিয়নো,কংগ্ৰেছ চৰকাৰৰ দিনতে ৮৫৫ জন শ্বহীদ হবলগীয়া হৈছিল। কংগ্ৰেছে ৰাজনৈতিক মুনাফা আদায়ৰ বাবে এই কথা কৈ আহিছে। সদস্যতা ভৰ্তি অভিযানত অংশ লোৱা মন্ত্ৰী গৰাকীৰ লগত বৰপেটা জিলা বি জে পিৰ সভাপতি অনিল দাস প্ৰমুখ্যে জিলা পৰ্যায়ৰ কেবাগৰাকী নেতা উপস্থিত আছিল ৷