/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/6d6f4c7f-7ad1-412c-ba96-a2555c8e3063/292.jpg)
ডিজিটেল ডেস্ক : "তুমি জানো জানা সোণ /কিমান মৰম তোমালে/সাঁচিছিলো গোপনে-গোপনে...।।" অসমীয়া সংগীতৰ পথাৰ উকা কৰি গ'লগৈ তেওঁ। তেওঁ কোনো দিনেই আৰু হাতত গীটাৰ লৈ নাগায় গান,নকয় অভাৱ-অভিযোগৰ কথা আৰু নকৰে আক্ষেপ।
দীৰ্ঘদিনে শাৰীৰিক অসুস্থতাৰে যুঁজি অৱশেষত অচিন দেশলৈ যাত্ৰা কৰিলে জনপ্ৰিয় সংগীতশিল্পী অৰুণ দাস। দেওবাৰে পুৱতি নিশা ৪-৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে। তেওঁৰ গীতত আছিল আৱেগ। বিচাৰি পাইছিল প্ৰিয়জনক। কেতিয়াবা সুখ আৰু কেতিয়াবা দুখ। সকলো সময়তে তেওঁৰ গীতে প্ৰতিগৰাকী শ্ৰোতাক দিছিল খোৰাক।
হাতত গীটাৰখন লৈ তেওঁ মঞ্চত উঠিলেই দৰ্শকৰ মাজত হৰ্ষোল্লাস হৈছিল। অসমীয়া সংগীত জগতৰ নব্বৈৰ দশকৰ ‘লিজেণ্ড অৱ নাইন্টি’ আছিল তেওঁ। এইগৰাকী মহান শিল্পীৰ বিয়োগ অসমীয়া জাতিৰ বাবে অপূৰণীয় ক্ষতি।
Also Read: বিধানসভা নিৰ্বাচন : চাৰিখন ৰাজ্যৰ আজি হ'ব ভোটগণনা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us