২৫ ফেব্ৰুৱাৰীত মধুপুৰ সত্ৰত সত্ৰ সমিতিৰ জৰুৰী সভা

author-image
Asomiya Pratidin
New Update
২৫ ফেব্ৰুৱাৰীত মধুপুৰ সত্ৰত সত্ৰ সমিতিৰ জৰুৰী সভা

ডিজিটেল সংবাদ, ধুবুৰী : ২৫ ফেব্ৰুৱাৰীত মধুপুৰ সত্ৰত সত্ৰ সমিতিৰ জৰুৰী সভা।মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত বৰ্তমান অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত সত্ৰখন পৰিচালনা কৰাৰ ক্ষেত্ৰত সৃষ্টি হোৱা পৰিস্থিতি পৰ্যালোচনা কৰি এক নীতি-নিৰ্দেশনা প্ৰস্তুত কৰাত উদ্দেশ্যে আৰু সত্ৰাধিকাৰগৰাকীৰ আশু-আৰোগ্য কামনাৰ বাবে প্ৰাৰ্থনা জনাবলৈ অহা ২৭ ফেব্ৰুৱাৰী দিনৰ ১১ বজাত মধুপুৰ সত্ৰত সত্ৰ সমিতিৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হৈছে।

সভাত সত্ৰ সমিতিৰ সকলো সদস্যক নিশ্চিতভাৱে উপস্থিত থাকিবলৈ সত্ৰ সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাস আৰু প্ৰচাৰ সম্পাদক যুগান্ত বায়নে আহ্বান জনাইছে।

আৰু পঢ়ক : ন-ৰূপ পালে বটদ্ৰৱা আৰক্ষী থানাই...

cooch bihar madhupur satra