ন-ৰূপ পালে বটদ্ৰৱা আৰক্ষী থানাই...

'জনহিত জনসেৱাৰ্থে' মূলমন্ত্রৰে ন-উদ্যমেৰে ৰাইজৰ হক কাম কৰিবলৈ সাজু বটদ্ৰৱা আৰক্ষী

author-image
Asomiya Pratidin
New Update
ন-ৰূপ পালে বটদ্ৰৱা আৰক্ষী থানাই...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ন-ৰূপত সজাই পৰাই তোলা হৈছে বটদ্ৰৱা আৰক্ষী থানা। বিগত বৰ্ষৰ ২১ মেত একাংশ দুষ্কৃতিকাৰীয়ে জ্বলাই দিছিল বটদ্ৰৱা আৰক্ষী থানা। তেতিয়াৰ পৰা স্থায়ী গৃহ অবিহনে অস্থায়ী ৰূপে চলি আছিল গুৰুত্বপূৰ্ণ অঞ্চলৰ থানাখনি।

Advertisment

আজি মাংগলিক কাৰ্যসূচীৰ মাজেৰে এটি স্থায়ী ঠিকনা পালে বটদ্ৰৱা আৰক্ষী থানাই। যাৰ বাবে উৎফুল্লিত বটদ্ৰৱা বাসী ৰাইজৰ লগতে সত্ৰৰ ভকত বৈষ্ণৱ। বটদ্ৰৱা থানৰ নৱনিৰ্মিত আটকধুনীয়া গৃহটি মুকলি কৰে আৰক্ষী মহাপৰিদৰ্শক, (মধ্য সংমণ্ডল অসম) দেৱজ্যোতি মূখাৰ্জীয়ে। লগতে উপস্থিত থাকে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে, বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰনাৰায়ন দেৱ মহন্ত, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বটদ্ৰৱা থানা এলেকাধীন গাঁওৰক্ষী বাহিনীৰ সভাপতি ইন্দ্ৰমোহন বৰুৱা, উপসভাপতি মোহন বৰুৱাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে, ৰাজ্যবাসীৰ দৃষ্টি নিৱদ্ধ হৈ থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ পূণ্যভূমিত অৱস্থিত বটদ্ৰৱা আৰক্ষী থানা খন অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। য'ত সাধাৰণ ৰাইজৰ লগতে মহিলা আৰু শিশুৰ বাবে আছুটীয়া কক্ষ ৰখা হৈছে। বৰ্তমান পৰিদৰ্শক পৰ্যায়লৈ উন্নীত হোৱা নৱনিৰ্মিত বটদ্ৰৱা থানাখনে বৃহত্তৰ হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ ১৯ খন ৰাজহ গাঁও সামৰি ল'ব।

আৰু পঢ়ক : ''স্বামী-শাহুৱেকক হত্যা কৰি পাতিছিল পূজা'' দোষী হ'লে বন্দনাক গুলী মাৰক বুলি ক'লে পিতৃয়ে...

Assam police Batadrawa