মিৰ্জাত হাতীৰ উপদ্ৰৱ অব্যাহত...

প্ৰায়ে বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা হাতীৰ জাকে উপদ্ৰৱ চলাই আহিছে । হাতী মানুহৰ সংঘাতে দিনে দিনে অধিক জটিল ৰূপ ধাৰণ কৰিছে
 হাতীৰ উপদ্ৰৱ
হাতীৰ উপদ্ৰৱ

ডিজিটেল সংবাদ, পলাশবাৰীঃ প্ৰায়ে বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা হাতীৰ জাকে উপদ্ৰৱ চলাই আহিছে । হাতী মানুহৰ সংঘাতে দিনে দিনে অধিক জটিল ৰূপ ধাৰণ কৰিছে ।

এইবাৰ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জা আৰু ইয়াৰ দাঁ‌তি কাষৰীয়া অঞ্চলসমূহত বনৰীয়া হাতীৰ উপদ্ৰৱ চলাইছে । হাতীৰ জাকে স্থানীয় মানুহৰ ঘৰৰ বেৰ ভঙাৰ পিছত এইবাৰ মিৰ্জাস্থিত সৰস্বতী শিক্ষা নিকেতন বিদ্যালয়ত প্ৰৱেশ কৰি এখন বেৰ ভাঙি পেলায় ।

যাৰ ফলত এতিয়া অঞ্চলটোত আতংকময় পৰিৱেশে বিৰাজ কৰিছে । এই সংঘাত বৃদ্ধি পালেও বন বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষই ৰোধ কৰাৰ ক্ষেত্ৰত পৰ্য্যন্ত কোনোধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

 হাতীৰ উপদ্ৰৱ
আমাক ৩৫ খন আসন দিয়ক, আৰু বাহিৰ হ’ব মমতা-অমিত শ্বাহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in