
ডিজিটেল সংবাদ, নুমলীগড় : কথমপি প্ৰাণ ৰক্ষা গজৰাজৰ। দেওবাৰে নিশা নুমলীগড়ত বিদ্যুৎস্পৃষ্ট হৈ আহত এটা বন্য হস্তীয়ে কথমপি নিজৰ প্ৰাণ ৰক্ষা কৰে।
খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীৰ জাকে বুঢ়াগোহাঁইখাটৰ এজন লোকৰ বাৰীৰ কলগছ ভাঙি খাওঁতেই বিদ্যুৎ তাঁৰত লাগি বিদ্যুৎ সংযোগ হয় হাতীটোৰ গাত। হাতীৰজাকটোৱে নুমলীগড়ৰ বকিয়াল-বুঢ়াগোহাঁইখাট অঞ্চলত ওৰে নিশা চলাই উপদ্ৰৱ ।
জানিব পৰা মতে, নেৰানেপেৰা বৰষুণৰ মাজতে জাকৰ মাজৰ এটা বন্যহস্তীয়ে এজোপা কলগছ ভাঙি খাওঁতেই বিদ্যুৎস্পৃষ্ট হৈ সংজ্ঞাহীন হৈ বহু সময় পৰি ৰয় । লগে লগে স্থানীয় লোকে বিদ্যুৎ কৰ্তন কৰাত হাতীটো নিৰ্বিঘ্নে পিচত লগত থকা আন হাতী কেইটাৰ সহযোগত সেই স্থানৰ পৰা ওলাই যায় যদিও কথমপীহে প্ৰাণ ৰক্ষা হয় হাতীটোৰ ।
ইফালে, স্থানীয় ৰাইজৰ সন্দেহ বিদ্যুৎস্পৃষ্ট হোৱা হাতীটো আঘাত প্ৰাপ্ত হৈছে । নিশা হাতীৰ জাকটোৱে গাৱঁখনৰ কেইবাটাও পৰিয়ালৰ ঘৰ - বাৰী তহিলং কৰে ৷