হাতীৰ আক্ৰমনত গুৰুতৰভাৱে আহত এজন...

বাঘৰ আক্ৰমণৰ চাঞ্চল্য মাৰ নৌযাঁওতেই পুনৰ হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন লোক ৷ নগাঁও জিলাৰ চামগুৰিৰ বৰদল মিকিৰগাঁৱত দেওবাৰে নিশা সংঘটিত হৈছে এই অঘটন।
হাতীৰ আক্ৰমনত গুৰুতৰভাৱে আহত এজন...

ডিজিটেল সংবাদ,নগাঁও : বাঘৰ আক্ৰমণৰ চাঞ্চল্য মাৰ নৌযাঁওতেই পুনৰ হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন লোক ৷ নগাঁও জিলাৰ চামগুৰিৰ বৰদল মিকিৰগাঁৱত দেওবাৰে নিশা সংঘটিত হৈছে এই অঘটন।

বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন।জানিব পৰা মতে হাতীৰ আক্ৰমনত ব্যক্তিজনৰ ককাল ভাগে ৷ আহত লোকজন বৰদল মিকিৰগাঁৱৰ বিচ'হৰি লোহাৰ।

নিশা আন্ধাৰত বাৰিৰ পিছফালে যোৱাৰ অৱস্থাত বন্যহস্তীয়ে আক্ৰমণ কৰে লোহাৰক। আহত লোহাৰক সংকটজনক অৱস্থাত চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা নগাঁও অসামৰিক চিকিৎসালয়লৈ অনা হৈছে ৷ তিনিদিন পূৰ্বে একেঠাইতে বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছিল দুজনকৈ লোক ৷

আৰু পঢ়ক: মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকক হানি খুচি হত্যা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in