মাজবাটত মৃত হাতী পোৱালীসহ, এটা মৃত হৰিনা উদ্ধাৰ

মাজবাটত মৃত হাতী পোৱালীসহ, এটা মৃত হৰিনা উদ্ধাৰ

author-image
asomiyapratidin
New Update
মাজবাটত মৃত হাতী পোৱালীসহ, এটা মৃত হৰিনা উদ্ধাৰ

ডিজিটেল সংবাদ, মাজবাট: মাজবাটৰ খুচুৰাবাৰী গাওঁৰ ভুটিয়া মাৰী নদীত মৃত হৰিণা এটা উদ্ধাৰ কৰাৰ লগতে পাচঁনৈ নদীৰ পৰা আন এটা মৃত হাতী পোৱালী উদ্ধাৰ কৰে মাজবাট আঞ্চলিক বন বিভাগৰ দলে।

শনিবাৰে বিয়লি ৫,৩০ মান বজাত খুচুৰাবাৰী গাওঁৰ সচেতন যুৱক এজনৰ জৰিয়তে অৰুণাচল পাহাৰৰ পৰা বৈ অহা খুচুৰাবাৰী গাওঁৰ কাষেদি বৈ যোৱা ভুটিয়া মাৰী নদীৰ পৰা যুৱক জনে মৃত হৰিণাটো উদ্ধাৰ কৰি মাজবাটৰ আঞ্চলিক বন বিভাগক খবৰ দিয়ে।

মাজবাট আঞ্চলিক বন বিষয়া মিন্টু বড়োয়ে বন কৰ্মীক লগত লৈ খুচুৰাবাৰী গাওঁৰ ভুটিয়া মাৰী নদীৰ পাৰত উপস্থিত হৈ মৃত হৰিণাটো উদ্ধাৰ কৰি বন বিভাগৰ কাৰ্য্যালয়লৈ লৈ যায়। লগতে মাজবাটৰ আছৰাবাৰীৰ বিবাৰ বাৰী গাওঁৰ কাষেদি বৈ যোৱা পাচঁনৈ নদীৰ মাজত এটা ৪ বছৰীয়া মৃত হাতী পোৱালী এটা উদ্ধাৰ কৰে মাজবাট আঞ্চলিক বন বিভাগে। মাজবাট আঞ্চলিক বন বিষয়া মিন্টু বড়োয়ে সাংবাদিক কয় যে বাৰিষাৰ বানপানীৰ কৱলত পৰি হৰিণা এটাৰ লগতে হাতী পোৱালী এটা মৃত্যু মুখত পৰিল। আমি বহুত দোষ পাইছো অতিকৈ মৰ্মাহত হৈছো।

আৰু পঢ়ক: মৰণৰ বান! পলকতে উটি গৈছে সপোনৰ ঘৰখন, কঙাল জনতাই বিচাৰিছে জিৰাবলৈ থল

assam elephant